দুলীয়াজানত বনকৰা যুৱতীৰ ৰহস্যজনক আত্মহত্যা, আৰক্ষীৰ তদন্ত আৰম্ভ
🎬 Watch Now: Feature Video
Published : Dec 14, 2023, 10:32 PM IST
ডিব্ৰুগড়, 14 ডিচেম্বৰ : দুলীয়াজানৰ কমলাবাৰী বৰাগাধৈ গাঁৱত সংঘটিত হৈছে এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা । বৃহস্পতিবাৰে মেঘালী মুড়া নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীযে আত্মহত্যা কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া আৰু ৰসহ্যৰ সৃষ্টি কৰিছে ।
দুলীয়াজানৰ কমলাবাৰী বৰাগাধৈ গাঁৱৰ পল্লব নেওগ নামৰ ব্যক্তিগৰাকীৰ ঘৰত মেঘালী মুড়াই বিগত চাৰি বছৰ ধৰি বনকৰা যুৱতী হিচাবে নিয়োজিত হৈ আছিল ৷ কিন্তু যুৱতীগৰাকীৰ মৃতদেহ আজি শোৱনী কোঠাত উদ্ধাৰ কৰা হয় । ঘটনাৰ পাছতে ঘৰৰ গৰাকীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত দুলীয়াজান আৰক্ষী আৰু প্ৰশাসনিক বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷ মৃত মেঘালী মুড়া নামৰ যুৱতীগৰাকীৰ ঘৰ টেঙাখাট বেঙেনাতলিৰ স্বৰ্গীয় জহান মুড়াৰ কন্যা বুলি জানিব পৰা গৈছে । কি কাৰণত এই আত্মহত্যাৰ ঘটনা সংঘটিত হ'ল তাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।
২২ বছৰীয়া বনকৰা যুৱতীয়ে মালিকৰ গৃহতে আত্মহত্যা কৰা ঘটনাই দুলীয়াজানত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।
লগতে পঢ়ক : মৰাণৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ লাজ লগা কাণ্ড