thumbnail

By

Published : Aug 18, 2023, 2:27 PM IST

ETV Bharat / Videos

Holy Bhada month: আজি পৱিত্ৰ ভাদ মাহৰ সংক্ৰান্তি

কলিয়াবৰ,১৮ আগষ্ট: অসমীয়া জাতিৰ পৱিত্ৰ মাহ ভাদ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱ দেৱৰ তিৰোভাৱ তিথি এই ভাদ মাহতে লগতে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল এই পৱিত্ৰ ভাদ মাহতে । ভাদ মাহ বুলিলেই মনলৈ আহে কীৰ্তন-ঘোষাৰে মুখৰিত তথা মাহ-প্ৰসাদৰ এক পৱিত্ৰ পৰিৱেশ ।  

আধ্যাত্মিকতা গঢ়া প্ৰধান সোপান ল'ব পাৰি ভাদ মাহতেই । কাৰণ অসমীয়া বাৰ মাহৰ ভিতৰত আটাইতকৈ পৱিত্ৰ মাহ হ'ল ভাদ মাহ । ভক্তি ৰসেৰে পূৰ্ণ এই মাহৰ প্ৰতিটো দিনেই পৱিত্ৰ । পৱিত্ৰ মনতেই আধ্যাত্মিকতাই ঠাই লয় মানুহৰ হৃদয়ত ।  

নামঘৰে নামঘৰে, সত্ৰই সত্ৰই জ্বলোৱা ধূপ-ধূনা, চন্দনৰ গোন্ধই মানুহৰ মনটোক আধ্যাত্মিকতাৰ গভীৰতালৈ লৈ যায় । য'ত থাকে ঈশ্বৰ চিন্তাৰ প্ৰাসংগিকতা । সত্ৰ-নামঘৰবোৰত পুৱা-দুপৰীয়া-আবেলি-গধুলি চাৰি প্ৰসংগত গোৱা হৰি নামে মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ আধ্যাত্মিকতাই বিস্তৃতি লাভ কৰে । কলিয়াবৰতো আজি পুৱা-প্ৰসংগৰে পৱিত্ৰ ভাদ মাহক আদৰাৰ প্ৰস্তুতি । 

লগতে পঢ়ক: Nalbari theft incident : বালিকৰিয়া বাসুদেৱ দেৱালয়ত চুৰিকাণ্ড; চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সামগ্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.