Dol Purnima 2023: দৌল পূৰ্ণিমা উপলক্ষে নুনমাটিত হোলীকা দাহন কাৰ্যসূচী

By

Published : Mar 8, 2023, 7:24 AM IST

thumbnail

গুৱাহাটী, 8 মাৰ্চ: আজি দৌল পূৰ্ণিমা তথা ৰঙৰ উৎসৱ ফাকুৱা (Festival of colours Fakuwa) । অবিৰৰ ৰঙত ৰঙীন ৰাজ্যৰ চৌপাশ । দৌল পূৰ্ণিমাৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰো প্ৰান্তে প্ৰান্তে চলিছে দৌল উৎসৱৰ ব্যাপক আয়োজন (Dol festival Celebration) । বিগত বৰ্ষৰ দৰে এইবেলিও নুনমাটি শিৱ মন্দিৰ সমিতিৰ উদ্যোগত দৌল পূৰ্ণিমা উপলক্ষে মঙ্গলবাৰে দিনযোৰা কাৰ্যসূচীৰে মন্দিৰ প্ৰাংগণত উদযাপন কৰা হয় দৌল উৎসৱৰ বিভিন্ন কাৰ্যসূচী ।

দৌল পূৰ্ণিমাৰ লগত সংগতি ৰাখি দিনৰ ভাগত মহিলাৰ নাম প্ৰসংগ আৰু সন্ধিয়াৰ ভাগত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে "হোলীকা দাহন" আৰু ভজন কীৰ্ত্তন পৰিবেশন কৰা হয় । মন্দিৰ প্ৰাংগণত উদযাপন কৰা এই হোলী উৎসৱত উপস্থিত ভক্তপ্ৰাণ ৰাইজে ৰং সানি ইজনে সিজনক জ্ঞাপন কৰে ফাকুৱাৰ শুভেচ্ছা ।

উল্লেখযোগ্য যে, লোক বিশ্বাস মতে হোলীকা দাহনত ধৰ্মীয় পৰম্পৰা অনুসৰি তৈয়াৰ কৰা খেৰৰ মেজি অগ্নিৰে দাহণ কৰাৰ অন্তত সেই মেজিৰ ভস্ম ফাকু হিচাপে শিৱ লিংগত লগোৱা হয় । যাতে পৰিয়ালৰ সকলোৰে অপায়- অমঙ্গল দূৰ হয় ।

লগতে পঢ়ক : Holi 2023: হোলী খেলোতে মনত ৰাখিব এইসমূহ কথা, তেতিয়াহে ল'ব পাৰিব উৎসৱৰ মজা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.