Storm in in Teok: টীয়কৰ লাহিং মাজকুৰিত নিশা ধুমুহাৰ তাণ্ডৱ - টীয়কৰ লাহিং মাজকুৰিত নিশা ধুমুহাৰ তাণ্ডৱ
🎬 Watch Now: Feature Video
টীয়ক,২৮ এপ্ৰিল: টীয়কৰ লাহিং অঞ্চলত বৃহস্পতিবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে অঞ্চলটোত (Storm in in Teok) । শতায়ু গৰকা বৃহৎ বৰগছ উভালি পৰি ক্ষতিসাধন কৰিলে কেইবাটাও আৱাসগৃহৰ । নিশা অহা ধুমুহাজাকত কথমপি প্ৰাণৰক্ষা পৰে ভুৱন চন্দ্ৰ চুতীয়া নামৰ লোকজনৰ পৰিয়ালটো । ধুমুহাজাকে অঞ্চলটোৰ যাদব বৰুৱা নামৰ ব্যক্তিজনৰ মূল্যবান গছ ভাঙি তচনচ কৰে (Many trees falling on road in strom) ।
ধুমুহাৰ ফলত অঞ্চলটোৰ কেইবাজোপাও মূল্যবান গছ, গোহালি, ভঁড়াল, নৱ নিৰ্মিত গৃহ আদি নষ্ট হোৱাৰ ফলত ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছে । সম্প্ৰতি বিদ্যুত বিছিন্ন হৈ আছে সমগ্ৰ অঞ্চলটোত (Storm in Lahing area of Teok) । সেয়ে উক্ত ক্ষতিগ্ৰস্থ পৰিয়ালসমূহক চৰকাৰৰ ফালৰ পৰা এই বিপদৰ সময়ত বিশেষ সহযোগিতা আশা কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে ।
লগতে পঢ়ক: Amritpal Singh updates: নিশাও খালিস্তানী নেতাক সাক্ষাৎ কৰিলে পৰিয়ালে