Hailstorm in Dibrugarh : ডিব্ৰুগড়ত ধুমুহা-বৰষুণৰ ভয়ংকৰ ৰূপ; ৰাইজৰ মাজত হাহাকাৰ - ডিব্ৰুগড়ত হৈ আছিল বৰষুণ আৰু পাতল ধুমুহা
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 27 মাৰ্চ : প্ৰচণ্ড বতাহ-বৰষুণ আৰু শিলাবৃষ্টিয়ে জোকাৰি গৈছে ডিব্ৰুগড় চহৰ (Heavy rain and hailstorm in Dibrugarh)৷ সোমবাৰে বিয়লি ভাগত হঠাৎ অহা ধুমুহা-শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হয় ডিব্ৰুগড় চহৰৰ ৷ স্তব্ধ হৈ পৰে জন জীৱন ৷ ফলত ডিব্ৰুগড়বাসীৰ মাজত এক হাহাকাৰময় পৰিৱেশ সৃষ্টি হয় ।
এই প্ৰচণ্ড বতাহ-বৰষুণত অসম চিকিৎসা মহাবিদ্যালয়ৰ মূল পথত পাঁচটাকৈ বিদ্যুতৰ খুঁটা ভাঙি পৰে ৷ ফলত চিকিৎসালয়লৈ অনা ৰোগী আৰু আত্মীয়ই যথেষ্ট অসুবিধা সন্মুখীন হ’ব লগাত পৰে ৷ আনকি বিদ্যুতৰ খুঁটা ভঙাৰ ফলত অন্ধকাৰৰ মাজত পাৰ কৰিব লগীয়া হয় AMCH ৰ ৰোগীয়ে ।
উল্লেখ্য যে, কেবাদিনো ধৰি ডিব্ৰুগড়ত হৈ আছিল বৰষুণ আৰু পাতল ধুমুহা (Hailstorm in Dibrugarh) ৷ কিন্তু আজি বিয়লি অহা ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ ল'লে ডিব্ৰুগড়ত । অৱশ্যে এই মুহুৰ্তলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা নাই ৷
লগতে পঢ়ক : Nalbari Eviction: নলবাৰীত চলিল প্ৰশাসনৰ বুলড’জাৰ