Golden Jublee of Aksaran Nam Dharma: ১0 হাজাৰ ভকত-বৈষ্ণৱৰ সাংস্কৃতিক শোভাযাত্ৰা

By

Published : Jan 29, 2023, 7:04 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

টীয়ক ,২৯ জানুৱাৰী: চাৰিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা যোৰহাট জিলাৰ টীয়কৰ মেলেংস্থিত ইলাৰাম দাস সমন্বয় ক্ষেত্ৰত একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ (Golden Jublee of Aksaran Nam Dharma) প্ৰাদেশিক অধিবেশন আৰু মহা পালনাম অনুষ্ঠিত হৈছে (Aksaran Nam Dharma Bhagawati Samaj)। আজি এই একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহা পালনামৰ তৃতীয় দিনা অধিবেশনস্থলী লোকে লোকাৰণ্য় হৈ পৰে ।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ সহযোগত অসমীয়া কলা সংস্কৃতিৰ প্ৰদৰ্শনৰে মেলেঙত অনুষ্ঠিত এক শৰণ ভাগৱতী সমাজে ইলাৰাম দাস সমন্বয় ক্ষেত্ৰৰ পৰা আজি পুৱাৰ ভাগত ভাগৱত ভ্ৰমণৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Cultural Rally at Teok)। ইতিমধ্যে দুটা দিনৰ কাৰ্যসূচীৰ সফল ৰূপায়নৰ পাছত আজি তৃতীয় দিনা পুৱাই অধিবেশনৰ মূল আকৰ্ষণীয় কাৰ্যসূচী ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । অসমৰ ৩৩ খন জিলাৰ পৰা অহা প্ৰতিনিধি তথা ভকত বৈষ্ণৱে উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰি হৰিনাম লৈ আধ্যাত্মিকতাৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল ।

উল্লেখযোগ্য যে অসমীয়া কলা সংস্কৃতিৰ বিহু,বৰ অসমৰ বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ লগতে জিকিৰ,দিহানাম আদি প্ৰদৰ্শন কৰি এইসকল ভকত বৈষ্ণৱে পুনৰ বৰঅসমৰ বাৰেৰহণীয়া কৃষ্টিৰ সংমিশ্ৰণ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে । ১0 হাজাৰ ভকত-বৈষ্ণৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । ইপিনে, এই শোভাযাত্ৰা ঐতিহাসিক ঢেকীয়াখোৱাৰ বৰনামঘৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঘূৰি আহি পুনৰ  ইলাৰাম দাস বাপঈশ্বৰৰ সমন্বয় ক্ষেত্ৰত সমাপ্ত হয় । ইপিনে, সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পঞ্চাশখন পতাকা উত্তোলন কৰে পঞ্চাশগৰাকী প্ৰতিনিধিয়ে । গায়ন বায়ন, আয়তিৰ উৰুলি মংগলাচৰণ ধ্বনিৰে সমগ্ৰ পৰিবেশ হৰি নামে মুখৰিত হৈ পৰিছে মেলেং মেটেলিস্থিত ইলাৰাম দাস বাপঈশ্বৰ ক্ষেত্ৰ । এতিয়া চাৰিওফালে কেবল ভক্তৰ সমাগম ।

লগতে পঢ়ক: Bagawati Samaj Golden Jubilee : দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত টীয়কৰ ইলাৰাম দাস ক্ষেত্ৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.