Girl Climbs Light Post in Modi Meeting : প্ৰধানমন্ত্ৰী মোদীৰ সভাত লাইটৰ খুঁটা বগালে যুৱতীয়ে

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:07 PM IST

thumbnail

নিউজ ডেস্ক, 11 নৱেম্বৰ : শনিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ সভাত লাগিল অথন্তৰ ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ দি থকাৰ সময়তে জনসমুদ্ৰৰ মাজত থকা লাইটৰ খুঁটাত হঠাতে বগাই গ’ল এগৰাকী যুৱতী ৷ প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীক উদ্দেশ্য কোনো কথা কোৱাৰ উদ্দেশ্য খুঁটাত উঠিল যুৱতীগৰাকীয়ে ৷ উক্ত দৃশ্য দেখাৰ লগেলগে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ ৰাখি যুৱতীগৰাকীক নামি আহিবলৈ অনুৰোধ জনায় আৰু কয়, ‘‘মই তোমাৰ কথা শুনিম ৷ অনুগ্ৰহ কৰি খুঁটাটোৰ পৰা নামি আহা ৷ শ্বৰ্ট শ্বাৰ্কিট হ’ব পাৰে ৷ ভয়ংকৰ কাম কৰিছা ৷’’

প্ৰধানমন্ত্ৰীগৰাকীয়ে কথা শুনিম বুলি কোৱাৰ পাচতে যুৱতীগৰাকী নামি আহে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে যুৱতীগৰাকীক ধন্যবাদ জনায় ৷ উল্লেখ্য যে শনিবাৰে তেলেংগানাৰ ছিকন্দৰাবাদৰ এখন সভাত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উক্ত সভাত দেখা যায় ঘটনাটো ৷

লগতে পঢ়ক : Telugu Actor Chandra Mohan passes away : ৮২ বছৰ বয়সত মৃত্যু অভিনেতা চন্দ্ৰ মোহনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.