Ganesh Puja 2023: কেদাৰনাথ মন্দিৰৰ আৰ্হিৰ গণেশ পূজাৰ মণ্ডপে আকৰ্ষণ কৰিছে ভক্তক
🎬 Watch Now: Feature Video
Published : Sep 20, 2023, 10:20 AM IST
তিনিচুকীয়া, ২০ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰত ১৯৯৭ চনতেই আৰম্ভ কৰা মিলিজুলি গণেশ পূজা উদযাপন সমিতিৰ উদ্যোগত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে গণেশ পূজা ৷ প্ৰতি বছৰে বিশেষ আকৰ্ষণ হিচাপে লৈ গণেশ পূজা আয়োজন কৰাৰ দৰেই এইবাৰো আয়োজিত গণেশ পূজাৰ মণ্ডপত অগনন ভক্তৰ আগমন ঘটিছে ৷
কেদাৰনাথ মন্দিৰৰ আৰ্হিৰে নিৰ্মাণ কৰা মণ্ডপৰ সমান্তৰালভাৱে ২৩ ফুট সুউচ্চ গণেশৰ প্ৰতিমাই আকৰ্ষণ কৰিছে ভক্তসকলক ৷ সমান্তৰালভাৱে প্ৰতিমাৰ জৰিয়তে যাতে কোনো প্ৰদূষণৰ সৃষ্টি নহয় সেইকাৰণে প্ৰতিমা সম্পূৰ্ণ মাটিৰে নিৰ্মাণ কৰাৰ লগতে কোনোধৰণৰ প্লাষ্টিক আদি ব্য়ৱহাৰ কৰা নাই বুলি সদৰী কৰিছে উদ্যোক্তাসকলে ৷