thumbnail

By

Published : Jun 25, 2023, 7:26 PM IST

ETV Bharat / Videos

Free operation camp: শিৱসাগৰত বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰ সম্পন্ন

শিৱসাগৰ,২৫ জুন: 'দ্যা আচাম চেপ্টাৰ অৱ এছ’চিয়েশ্যন অৱ চাৰ্জন অৱ ইণ্ডিয়া'ই জিলা স্বাস্থ্য সমিতিৰ সহযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ২৪ আৰু ২৫ জুন তাৰিখে বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰৰ সম্পন্ন হয় । আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত সদৰী কৰে সন্থাৰ সভাপতি নৃতেন্দ্ৰ নাথ দাসে ।  

মুঠ ২২ জন ৰোগীৰ গলষ্টোন, এপেণ্ডিচাইটিছ, হাৰ্নিয়া আৰু স্তনৰ অস্ত্ৰোপচাৰ কৰা হৈছে বুলি সংবাদ মেলত সদৰী কৰে । অসমৰ অস্ত্ৰোপচাৰ সন্থাই নিয়মীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰৰ আয়োজন কৰি সমাজৰ অভাৱগ্ৰস্ত শ্ৰেণীক সহায় কৰি আহিছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাৰ্জন আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ একাধিক চিকিৎসকৰ সহায়ত এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে । 

এনাষ্ঠেচিয়াৰ সহকৰ্মী, নাৰ্চিং আৰু টেকনিকেল ষ্টাফে আমাক শিবিৰটো আয়োজন কৰাত সহায় কৰিছিল । আনহাতে শনিবাৰে শিৱসাগৰ মহাবিদ্যালয়ত আই এম এ (ভাৰতীয় চিকিৎসা সংস্থা), শিৱসাগৰ শাখা আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ সহযোগত এখন সজাগতামূলক কৰ্মশালা অনুষ্ঠিত হয় য'ত শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । 

লগতে পঢ়ক: New Constituency in Dibrugarh : সমষ্টি বিলুপ্তিকৰণক লৈ ক্ষোভ প্ৰকাশ মটক যুৱ ছাত্র পৰিষদ আৰু ৰাইজৰ দলৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.