thumbnail

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 4:39 PM IST

ETV Bharat / Videos

হোজাইত বিনামূলীয়া চকু-স্বাস্থ্য পৰীক্ষা তথা ৰক্তদান শিবিৰ

হোজাই, 14 ডিচেম্বৰ : ওমপ্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণি দাতব্য ন্যাস আৰু হোৱাইট গল্ড এগ্ৰো প্ৰডাক্টচৰ উদ্যোগত বৃহস্পতিবাৰে বিনামূলীয়া চকু, স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । হোজাই জিলাৰ লংকা বামুনগাঁৱত অৱস্থিত হোৱাইট গল্ড এগ্ৰো প্ৰডাক্টচ (চেনী মিল) চৌহদত পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাইজৰ সুবিধাৰ বাবে আয়োজন কৰা হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰ ৷

এই বিনামূলীয়া চকু, স্বাস্থ্য পৰীক্ষা শিবিৰত গুৱাহাটীৰ এপল এক্সেল কেয়াৰ হাস্পতাল, লায়ন্স আই হাস্পতালৰ কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়ায় । বামুণগাঁৱৰ ৰাইজক বিনামূলীয়াকৈ আগবঢ়োৱা চকু, স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ৩০০ ৰো অধিক লোকে সেৱা গ্ৰহণ কৰে । স্বাস্থ্য পৰীক্ষাৰ লগতে এটা ৰক্তদান শিবিৰৰো ব্যৱস্থা কৰা হয় । গুৱাহাটীৰ মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত আয়োজন কৰা হয় এই ৰক্তদান শিবিৰ ।

লগতে পঢ়ক : হোজাই হাম চিকিৎসালয়ত উদ্বোধন ক্ৰিটিকেল কেয়াৰ এম্বুলেন্স সেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.