thumbnail

By

Published : Jul 24, 2023, 6:11 PM IST

ETV Bharat / Videos

Barni Bridge Rape Case:অপৰাধী কেইটা সমাজৰ কলংক- আমিনুল হক লস্কৰ

কৰিমগঞ্জ, 24 জুলাই: দেওবাৰে বাৰ্নি ব্ৰিজ চাহ বাগিচাত উপস্থিত হ’ল অসম সংখ্যালঘু আয়োগৰ অধ্যক্ষ আমিনুল হক লস্কৰ ৷ উল্লেখ যে কিছুদিনৰ পূৰ্বে বাগিচাখনৰ স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল দুৰ্বৃত্তই ৷ সেই ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত হয় অসম সংখ্যালঘু আয়োগৰ অধ্যক্ষ গৰাকী ৷ ভুক্তভোগী পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আমিনুল হক লস্কৰে এই ঘটনাৰ লগত জড়িত দোষীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় ৷ 

তেওঁ আৰু কয়,‘অপৰাধী কেইটা মানুহৰূপী জন্তু ৷ অপৰাধী কেইটা সমাজৰ এটা কলংক ৷ দোষীসকলৰ ফাঁচি হওঁক ৷ যাতে আকৌ ভৱিষ্যতে তেনে ঘটনা নহয় ৷ অপৰাধীৰ কোনো জাতি-ধৰ্ম নাই ৷ অপৰাধী অপৰাধীয়ে ৷ তাত হিন্দু-মুছলমান বিচাৰ কৰিব নালাগে ৷ ঘটনা যি জঘন্য, দোষীয়ে কঠোৰ শাস্তি পাব লাগে ৷ পৰাপক্ষত এনকাউন্টাৰ কৰক ৷ নহ’লে সমাজত বৃদ্ধি পাইছে এনে ঘটনা ৷’

লগতে পঢ়ক:Dreaded criminal shot dead in police Encounter: আৰক্ষীৰ এনকাউণ্টাৰত নিহত পলাতক কুখ্যাত অপৰাধী হিফজুৰ ৰহমান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.