Formalin in Fish : ৰঙিয়াত ফৰ্মেলিনযুক্ত চালানী মাছৰ বৃহৎ বজাৰ

🎬 Watch Now: Feature Video

thumbnail

ৰঙিয়া,৩০ এপ্ৰিল: ৰাজ্যত অব্যাহত আছে বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছৰ বিক্ৰী (Formaldehyde Fish in Assam) । চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই চালানী মাছ বিক্ৰী কৰি আহিছে একাংশ মাছ বেপাৰীয়ে । নিৰ্বিকাৰ আৰক্ষী-প্ৰশাসন । ৰঙিয়াতো অব্যাহত বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছৰ বৃহৎ বজাৰ (Formaldehyde Fish in Rangia) । মাছৰ পাইকাৰী বজাৰত আছে বৃহৎ পৰিমাণৰ বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছ(Reaction on Formaldehyde Fish) ।  

ফৰ্মেলিনযুক্ত চালানী মাছে সৰ্বসাধাৰণৰ স্বাস্থ্যৰ বাবে আনিছে চৰম ভাবুকি । কেইবাখনো ট্ৰাকত চালানী মাছ মজুত কৰি ৰাখিছে ৰঙিয়াৰ IOC ত । অন্ধপ্ৰদেশ, কলকাতাৰ পৰা অহা ট্ৰাকসমুহত কেইবাদিনৰ পৰা মজুত কৰি ৰখা হৈছে সেই চালানী মাছবোৰ । সেউজ সংকেত পালেই অসমৰ বিভিন্ন ঠাইলৈ ৰাওনা হ'ব চালানী মাছ ভৰ্তি ট্ৰাকবোৰ ।

লগতে পঢ়ক: BJP Joining Program: কংগ্ৰেছ দল এতিয়া এটা নচলা পইচা: সিদ্ধাংকু অংকুৰ বৰুৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.