Beautiful scenery of Jonai : জোনাইৰ বেৰাচাপৰিৰ চিয়াং নদীৰ পাৰত বেঙুনীয়া দলিচাৰ আচ্ছাদন

🎬 Watch Now: Feature Video

thumbnail

জোনাই, 17 মাৰ্চ : জোনাইত প্ৰকৃতিৰ এক বিনন্দীয়া ৰূপ । বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলেৰে উপচি পৰিছে বেৰাচাপৰিৰ চিয়াং নদীৰ পাৰ ৷ এই বনৰীয়া ফুলৰ বেঙুনীয়া দলিচাই মন্ত্ৰমুগ্ধ কৰিছে এতিয়া সকলোকে । অৱশ্যে এয়া মানুহে সৃষ্টি কৰা নহয়, প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা চিয়াং নদীৰ পাৰৰ এক নান্দনিক দৃশ্য (Dhemaji flowers video)।

প্ৰকৃতিৰ বুকুত বনৰীয়া বেঙুনীয়া ফুলবোৰে যেন সৌন্দৰ্যৰ মেলাহে পাতিছে ৷ যিমান দূৰলৈ চকু যায়, সিমান দূৰলৈকে মাথোঁ বেঙুনীয়া দলিচাৰ আচ্ছাদন ৷ প্ৰকৃতিৰ বুকুত সৃষ্টি হোৱা বেঙুনীয়া দলিচা সদৃশ ফুলৰ এই নান্দনিক দৃশ্যৰ মাজতে একপি ছেলফী লৈ নাইবা ৰীলচ বনাই ফেচবুক তথা ইনষ্টাগ্ৰাম আদিত শ্বেয়াৰ কৰাৰ বাবে ব্যস্ত বহু যুৱক-যুৱতী ৷

জোনাইৰ বানে ধোৱা বেৰাচাপৰিা চিয়াং নদীৰ পাৰত ফুলি থকা বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ এই দৃষ্টিনন্দন দৃশ্যই এতিয়া সকলোকে হাত বাউলি মাতিছে ৷ এয়াই হৈছে মনোমোহা অসমৰ নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য ৷

লগতে পঢ়ক : Assam jamugurihat beauty: বনৰীয়া ফুলৰ গোলাপী দলিচাত মন্ত্ৰমুগ্ধ সকলো

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.