প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত খুমটাইত ফুলৰ মেলা

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:20 PM IST

thumbnail

গোলাঘাট, ৩০ ডিচেম্বৰ: বিভিন্ন প্ৰজাতিৰ নানৰঙী ফুলৰ সুৱাস ল'বলৈ আগমন হৈছে খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটনস্থলীলৈ ৷ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুস্থিত ফুলৰ মেলা শুভ উদ্বোধন কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ নানাৰঙী ফুলে এতিয়া সকলোকে হাতবাউলি দি মাতিছে খুমটাইৰ যোগীবাৰীলৈ ৷ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ যোগীবাৰীত ৬০খন ফুলৰ বিপনীত দেখা গৈছে ৰাইজৰ সমাগম ৷  

বিধায়ক মৃণাল শইকীয়াই বিগত বৰ্ষৰ দৰে এইবাৰো গোলাঘাটৰ খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত নানাৰঙী ফুলৰ সুবাস ল'বলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ নৱবৰ্ষত যাতে সকলোৱে শৃংখলাবদ্ধভাৱে উদযাপন কৰিব পাৰে তাৰ বাবেই এই ফুলৰ মেলাৰ আয়োজন কৰা হৈছে ৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে আহি ফুলৰ মেলাত অংশগ্ৰহণ কৰি এক মধুৰ সময় পাৰ কৰিব পাৰে তাৰ বাবেই বিধায়কগৰাকীৰ এই পদক্ষেপক প্ৰশংসা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷  

লগতে পঢ়ক:শান্তি চুক্তি স্বাক্ষৰ হৈছে ভাল কথা, কিন্তু পৰেশ বৰুৱাকো মাতিব লাগে আলোচনালৈ : ড৹ নগেন শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.