Flood in sonitpur: গাভৰু নৈৰ বাঢ়নি পানীয়ে বুৰালে বিস্তীৰ্ণ অঞ্চল - Hundred hectares of agricultural land affected by floods
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15706606-thumbnail-3x2-ronga.jpg)
ৰঙাপৰাত গাভৰু নৈৰ বাঢ়নি পানীয়ে পুনৰ সৃষ্টি কৰিছে বানৰ (Flood in Rangapara)। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নৈৰ বাঢ়নি পানীয়ে ৰঙাপৰাৰ ভেলোৱাটাৰ আৰু শিয়ালমাৰী গাঁও সম্পূৰ্ণ ৰূপে প্লাৱিত কৰে । নিশা নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাত চৌদিশে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় । নিশাৰ ভাগত হঠাৎ অহা পানীৰ ঢলে ভেলোৱাটাৰ আৰু শিয়ালমাৰী গাঁৱৰ কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে । শ শ হেক্টৰ কৃষিভূমি বানৰ কৱলত (Hundred hectares of agricultural land affected by floods) । ইফালে ভেলোৱাটাৰ গাঁৱখনলৈ হঠাতে অহা বানে নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ঘৰত ভিতৰত হোৱা একাঠু পৰ্যন্ত হোৱা লৈ পানীৰ ফলত নিশা আতংকৰ মাজত উজাগৰে কটাবলগীয়া হয় ৷
Last Updated : Feb 3, 2023, 8:24 PM IST