Fishing Competition in Assam : ধেমাজিত কোনে ডাঙৰ মাছ ধৰি ঘৰলৈ আনিলে বাইক ?

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 12:53 PM IST

Updated : Oct 29, 2023, 1:48 PM IST

thumbnail

ধেমাজি, ২৯ অক্টোবৰ : ধেমাজিত ধন আৰু ঐশ্বৰ্যৰ দেৱী লক্ষ্মী পূজাৰ দিনটোতে অনুষ্ঠিত হ'ল এখন বিশেষ খেল । ধেমাজি মৌমাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰত ই'ক ট্য়ুৰিজিমৰ ফিছিং কম্পিটিচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা বৰশী বোৱা প্ৰতিযোগিতাখনি পুৱা ৯ বজাত মুকলি কৰে ধেমাজি খণ্ড উন্নয়ন বিষয়া নবীন কামানে ৷ ইয়াৰ পিচতে অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি কলকতাৰ পৰা অহা প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰে  ৷  

উল্লেখ্য় যে, যোগাযোগ আৰু যাতায়াতৰ অসুবিধাৰ হেতুকে আশা কৰা ধৰণে প্ৰতিযোগীৰ সংখ্য়া বেছি নহ'ল । ১৩০ প্ৰতিযোগীয়ে অংশ লোৱা খেলখনত নিৰ্ধিৰিত সময়ৰ অন্তত বিয়লি চাৰি বজাত পুৰস্কাৰ বিতৰণ কৰা হয় ৷ বৰশীত অহা মাছৰ ওজনৰ ভিত্তিত নিৰ্বাচিত কৰা হয় বিজয়ী প্ৰতিযোগীসকলক ৷ খেলখনত সকলোকে আচৰিত কৰি কলকতাৰ অমিত কুমাৰ শৰ্মাই প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷

তেওঁ এখন বাইক আৰু এখন স্কুটিসহ নগদ ধন লাভ কৰি উৎফুল্লিত হৈ পৰে । একেদৰে তৃতীয় আৰু চতুৰ্থ পুৰস্কাৰ মোটা ধন লাভ কৰাৰ বিপৰীতে আন ২৫ টা পুৰস্কাৰ বিভিন্ন বিজয়ী প্ৰতিযোগীক প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : Israel Hamas War : গাজা ষ্ট্ৰিপৰ সংকট সম্পৰ্কে ইজিপ্তৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

Last Updated : Oct 29, 2023, 1:48 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.