Fire incident in Dhanbad: ধানবাদত ভয়ংকৰ অগ্নিকাণ্ডত 13 গৰাকী নিহত - বৃহৎ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17633291-thumbnail-3x2-jharkhandf.jpg)
নিউজ ডেস্ক, 31 জানুৱাৰী: ঝাৰখণ্ডৰ ধানবাদ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড । ধানবাদৰ জোদা ফাটক অঞ্চলত অৱস্থিত আশীৰ্বাদ টাৱাৰ নামৰ এপাৰ্টমেণ্টত মঙলবাৰে নিশা সংঘটিত হয় বৃহৎ অগ্নিকাণ্ড । অগ্নিকাণ্ডটোত এই পৰ্যন্ত 13 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হৈছে । অট্টালিকাটোত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ৷ মৃতসকলৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু এগৰাকী কন্যা শিশু । তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ সেই স্থানত উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা চলায় (Massive fire incident in Dhanbad) ।
উল্লেখ্য যে, ধানবাদ চহৰৰ আটাইতকৈ ব্যস্ত অঞ্চলত সন্ধিয়া ভাগত এটা এপাৰ্টমেণ্টত অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ বাবে অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । লগে লগে অঞ্চলটোৰ লোকসকলে এই বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে । এই তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলোৱাৰ লগতে আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলায় (Fire breaks out in Dhanbad)।
বেংক মদ থানাৰ অন্তৰ্গত জোদা ফাটক পথত অৱস্থিত শক্তি মন্দিৰৰ সমীপৰ আশীৰ্বাদ টাৱাৰ এপাৰ্টমেণ্টত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ডটো । 13 মহলীয়া এপাৰ্টমেণ্টটোৰ দ্বিতীয় মহলাত এই অগ্নিকাণ্ড সংঘটিত হয় । তথ্য লাভ কৰাৰ পিচতে অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় (Ashirbad apartment in Dhanbad) ।
একে সময়তে এপাৰ্টমেণ্টটোত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযানো চলি আছে । অগ্নিদগ্ধ হোৱা লোকসকলক বাহিৰলৈ উলিয়াই অনা হয় ৷ 13 মহলীয়া এপাৰ্টমেণ্টটোত প্ৰায় ১০০টা ফ্লেট আছে । কোৱা হৈছে যে অট্টালিকাটোত কণ কণ শিশু, বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি 400 ৰো অধিক লোকে বাস কৰে । আশীৰ্বাদ এপাৰ্টমেন্টক এই অঞ্চলৰ আটাইতকৈ ডাঙৰ এপাৰ্টমেণ্ট বুলি গণ্য কৰা হয় (Fire in Dhanbad)।
অগ্নিকাণ্ডৰ পিচত দহখনতকৈও অধিক এম্বুলেঞ্চ এপাৰ্টমেণ্টটোত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিবলৈ নিয়োজিত কৰা হয় । জানিব পৰা মতে, প্ৰথমে দ্বিতীয় মহলাৰ পৰাই জুইৰ সূত্ৰপাত হৈছিল । ইয়াৰ পিচত জুইৰ লেলিহান শিখাই তৃতীয় মহলাটোও আগুৰি ধৰে । কেইটামান মুহূৰ্তৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে । অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷
উল্লেখ্য যে, দুদিন পূৰ্বে ধানবাদৰ হাজৰা চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হৈছিল । য’ত 5 জন লোকৰ মৃত্যু হৈছিল । একে সময়তে হাজাৰিবাগ আৰু চাইবাছাতো সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা । য’ত চাৰিজন লোকৰ মৃত্যু হৈছিল । নিহতসকলৰ ভিতৰত আছে তিনিটা শিশু ।
লগতে পঢ়ক: Kolkata Police Nab 2 : কলকাতাত জালনোটসহ আটক অসমৰ ২ নাগৰিক