বকোৰ ৰাজপথত দপ দপকৈ জ্বলিল যাত্ৰীবাহী বাছ - বকোত ভয়ংকৰ অঘটন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16537247-thumbnail-3x2-police.jpg)
দুৰ্গোৎসৱৰ উখল মাখলৰ মাজতে বকোত ভয়ংকৰ অঘটন সংঘটিত হৈছে (Fire breakout at Boko) ৷ দেওবাৰে সন্ধিয়া বকোৰ মাজমজিয়াত এখন যাত্ৰীবাহী বাছ দপ দপকৈ জ্বলি উঠে (Fire breakout in Passenger filled bus) ৷ গুৱাহাটীৰ পৰা ছমৰীয়া অভিমুখে গৈ থকা AS25 FC 0448 নম্বৰৰ বাছখন কাৰিকৰী বিজুতিৰ বাবে জ্বলি উঠে ৷ জানিব পৰা মতে, চালকৰ আসনৰ তলত জ্বলি উঠাৰ বাবে এই অগ্নিকাণ্ডৰ ঘটনা হয় (Fire breakout in Passenger filled bus at Boko) ৷ এই ঘটনাৰ লগে লগে যাত্ৰীসকলৰ মাজত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বকো আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ এই ঘটনাত কোনো যাত্ৰী হতাহতি হোৱা নাই ৷
Last Updated : Feb 3, 2023, 8:28 PM IST