হালধীয়া হৈ পৰিছে ধেমাজিৰ লেচিয়া নদীৰ দুয়োপাৰ - Self reliant by cultivating mustard in Dhemaji
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-12-2023/640-480-20359191-thumbnail-16x9-dmj.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 26, 2023, 5:03 PM IST
ধেমাজি, 26 ডিচেম্বৰ : শালি খেতিৰ পিচতে এতিয়া সৰিয়হ খেতিৰ বতৰ ৷ ক’ৰবাত যদি বিঘাই বিঘাই হালধীয়া হৈ পৰিছে সৰিয়হ খেতিডৰা ৷ আন ক’ৰবাত আকৌ সৰিয়হে গুটি ধৰিছে ৷ হয়তো শেহতীয়াকৈ কৰা কৃষকৰ কিছু সৰিয়হ খেতি এতিয়াও সেউজীয়া হৈ আছে ৷ গতিকে বাৰিষাৰ পানী জমা হোৱা ঠাইত ধেমাজিৰ বহুতো কৃষকে শালি খেতিৰ পৰিৱৰ্তে সৰিয়হ খেতি কৰিয়েই বছৰটো বাবে সপোন দেখিছে ৷
ধেমাজিৰ সৰিয়হ খেতিৰ বাবে বিখ্যাত ঠাই লেচিয়া নদীৰ দুয়ো পাৰ এইবেলিও বিস্তীৰ্ণ অঞ্চল হালধীয়া হৈ পৰিছে ৷ অঞ্চলটোৰ আমগুৰি, বঙালমাৰী, ন-পাম, দেউৰী গাঁও, গোঁহাই গাঁৱকে ধৰি প্ৰায় 20/25 খন গাঁৱৰ দুশটা পৰিয়ালে সৰিয়হ খেতি কৰিছে ৷ ধেমাজিৰ লেচিয়া আৰু গাই নদীয়ে বাৰিষা তাণ্ডৱ চলাই পলস পেলাই থৈ যোৱা উৰ্বৰা ভূমিত লহপহকৈ বাঢ়িছে সৰিয়হ খেতি ৷ চালে চকুৰোৱা হৈ পৰিছে খেতিকেইডৰা ৷
ইপিনে জিলাখনত সৰিয়হ খেতিৰ সম্পৰ্কত ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী গুঞ্জন গগৈয়ে জানিবলৈ দিয়া মতে, এইবেলি শালি খেতিত ধানৰ উৎপাদন হ্ৰাস হ’লেও সৰিয়হ খেতিয়ে কৃষকৰ মুখত হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে ৷ কাৰণ এইবেলি বিভাগে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত 300 বিঘাত প্ৰদৰ্শনমূলক সৰিয়হ খেতি কৰিবলৈ দিয়া হৈছে ৷
সেইদৰে NFSM ৰ অধীনত উন্নত জাতৰ বীজ প্ৰদান কৰি 550 বিঘা মাটিত সৰিয়হ খেতি কৰিবলৈ কৃষকসকলক উৎসাহিত কৰিছে ৷ সেয়ে এইবেলি সৰিয়হ খেতিৰ জৰিয়তে জিলাখনৰ কৃষকে লাভান্বিত হ’ব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে কৃষি বিজ্ঞানী গুঞ্জন গগৈয়ে ৷
লগতে পঢ়ক : নীল আকাশৰ তলত হালধীয়া দলিচা