Financial scam in Majuli: ঋণৰ নামত পতি-পত্নীয়ে মিলি লুটিলে গ্ৰাহকক

By

Published : Apr 5, 2023, 6:51 PM IST

thumbnail

মাজুলী,৫ এপ্ৰিল: মাজুলী কমলাবাৰী পঞ্জাৱ নেচনেল বেংক আৰু ফুলনি পঞ্জাৱ নেচনেল বেংকৰ শাখাত সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী (Financial scam at Punjab National Bank in Majuli) । বিত্তীয় বৰ্ষৰ অ’ডিটত ধৰা পৰিছে ভয়াৱহ কেলেংকাৰীৰ কথা । পঞ্জাৱ নেচনেল বেংকৰ কমলাবাৰী শাখাৰ নিলম্বিত পৰিচালক বিতুপন কছাৰীয়ে ঋণ দিয়াৰ নামত সংঘটিত কৰিছে ১ কোটি ৭৮ লাখ টকাৰ কেলেংকাৰী । টকাৰ লোভত ২৬ গৰাকী গ্ৰাহকক ভুৱা ব্যৱসায় প্ৰতিষ্ঠান দেখুৱাই সংঘটিত কৰিছিল কেলেংকাৰী (Financial scam in Majuli) ।  

বৰ্তমানৰ কমলাবাৰী শাখা পৰিচালক অজয় চক্ৰৱৰ্তীয়ে কমলাবাৰী থানাত এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে থানাত গোচৰ ৰুজু হৈছে গোচৰ । কেচ নম্বৰ ৪৫/আই পি চি ১২০ বি, ৪০৯, ৪২০ ধাৰাত ৰুজু কৰিছে এটা গোচৰ । আনহাতে বিতুপন কছাৰীৰ পত্নী ৰুনা চৌধুৰীৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ । পঞ্জাৱ নেচনেল বেংক ফুলনি শাখাৰ শাখা পৰিচালক হিচাপে থকা ৰুনাই ১৩.১৭ লাখ টকা ঋনৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে (Scam in Majuli) ।  

ইফালে জেংৰাইমুখ থানাত ফুলনি শাখাৰ বৰ্তমানৰ পৰিচালক প্ৰাঞ্জল প্ৰতিম বৰায়ো দাখিল কৰে এজাহাৰ । এজাহাৰৰ ভিত্তিত ৰুনা চৌধুৰীৰ বিৰুদ্ধে কেচ নম্বৰ ৪০, আই পি চি ধাৰা ১২০বি ৪০৯, ৪০৬, ৪২০ নম্বৰত গোচৰ ৰুজু হৈছে । দুয়ো পতি-পত্নী মিলি দুয়োটা শাখাতে ঋনৰ নামত সংঘটিত ভয়ংকৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে এই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: NCERT syllabus controversy:ৰূপজ্যোতি কুৰ্মীক 'পাগল' আখ্যা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.