Moirabari Arrested: মৈৰাবাৰীত আৰক্ষীৰ জালত ভুৱা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত - Morigaon Crime
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-09-2023/640-480-19433161-thumbnail-16x9-moirabari-mmm.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 5, 2023, 10:40 AM IST
|Updated : Sep 5, 2023, 11:20 AM IST
মৈৰাবাৰী,5 ছেপ্টেম্বৰ: মৰিগাঁৱৰ মৈৰাবাৰীত আৰক্ষীৰ জালত ভুৱা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত ৷ মৰিগাঁৱৰ লোচনাৱৰীত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে ভুৱা আৰক্ষী বিষয়া আৰু ভুৱা জিলা আয়ুক্তক ৷ সোমবাৰে সন্ধিয়া মৰিগাঁও জিলাৰ লোচনাবৰী গাঁৱৰ পৰা মৰিগাঁও জিলা চোৰাংচোৱাই অভিযান চলাই ভুৱা আৰক্ষীসহ ভুৱা জিলা আয়ুক্তক আটক কৰে ৷
আটক হোৱা ভুৱা ডিচি, এছ পি হৈছে ক্ৰমে মৈৰাবাৰীৰ দূৰবান্ধি গাঁৱৰ উমৰ ফাৰুক আৰু ৰচীদুল ইছলাম । ধৃত ৰচীদুল ইছলামৰ লোচনাবৰী গাঁৱত থকা "ৰচীদুল ইলেক্ট্ৰনিকচ ষ্ট’ৰ" দোকানত চলিছিল অভিযান । উক্ত অভিযানত এটা লেপটপ, এটা স্কেনাৰ, এটা প্ৰিণ্টাৰ, এচ পি আৰু ডিচিৰ ভুৱা ছিল মোহৰ দুটা, মোবাইল দুটা আৰু বৃহৎ পৰিমাণৰ অবৈধ নথি-পত্ৰ জব্দ কৰে । আটক হোৱা যুৱক দুজনে ভুৱা ছিল মোহৰ আৰু ষ্টাম্প বনাই আৰক্ষীৰ প্ৰমাণ পত্ৰ বুজন পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰিছিল ।
লগতে পঢ়ক: Morigaon murder case: বৃদ্ধ দম্পতীক দাৰে আক্ৰমণ; এজনৰ মৃত্যু, এজন আহত