thumbnail

By

Published : Apr 20, 2023, 11:40 AM IST

ETV Bharat / Videos

Heavy Storm in Rangia: ৰঙিয়াত বৰদৈচিলাৰ তাণ্ডৱ; সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত

ৰঙিয়া, 20 এপ্ৰিল: ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰঙিয়াত বৰদৈচিলাৰ তাণ্ডৱ ৷ মূহুৰ্ততে অহা শিলাবৃষ্টি আৰু ধুমুহাত ক্ষতিগ্ৰস্ত হ'ল সহস্ৰাধিক পৰিয়াল ৷ শিলাবৃষ্টিৰ ফলত ঘৰৰ টিনপাত চিন্ন-ভিন্ন হৈ গুৰুতৰভাৱে আহত হৈছে বালিসত্ৰৰ থানেশ্বৰ মালি নামৰ এগৰাকী বৃদ্ধ ৷ ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত লোকজনক (Heavy Storm in Rangia) ৷

ইফালে ধুমুহাৰ ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে ৰাজপথ ৷ যোৱা নিশাৰ পৰা ব্যাহত বিজুলী যোগান ৷ শিলাবৃষ্টিত ক্ষতি হ'ল বহু লোকৰ বাহন ৷ ক্ষতি হৈছে চৰকাৰী কাৰ্যালয়ৰ ৷ বহু লোকৰ ঘৰ, ব্যক্তিগত বিদ্যালয় ভাঙি টিনপাত উৰোৱাই লৈ যায় ধুমুহাই ৷ কেইবাটাও বিহু অনুষ্ঠানৰ পেণ্ডেল ভাঙি চিন্ন-ভিন্ন হৈ পৰে (Hailstorm in Rangia) ৷

ৰঙিয়া মহকুমাৰ প্ৰায় ভাগ অঞ্চলতে ধুমুহা-শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে (Storm devastated several areas at Rangia) ৷ ধুমুহাই বহু লোকৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন কৰে । বহু লোকৰ ঘৰ ভাঙি পৰে আৰু অধিকাংশ লোকৰ ঘৰৰ টিন পাতবোৰ চিন্ন ভিন্ন কৰে শিলাবৃষ্টিয়ে ৷ ধুমুহা-বৰষুণত আলাই-আথানি হৈছে বহু পৰিয়ালৰ ৷ ৰঙিয়া নগৰ, ধুহিবালা, ডিমু, বালিসত্ৰ, উদিয়ানা, তুলসীবাৰী, ধুহি, বালিসত্ৰ, মৰাণজানা, দ্বাৰকুছি, মাদৈকাটা আদি অঞ্চলত শিলাবৃষ্টি আৰু প্ৰবল ধুমুহা বৰষুণ হয় ৷ যাৰ ফলত বহু মানুহৰ ঘৰ দুৱাৰ ক্ষ্যতিগ্ৰস্ত হোৱাৰ লগতে গছ-গছনি উভালি পৰে (Heavy rain and hailstorm in Rangia) ৷

লগতে পঢ়ক: Accident in Sonari: ধুমুহা-বৰষুণৰ মাজতে সোণাৰিত ভয়ংকৰ দুৰ্ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.