thumbnail

By

Published : Nov 6, 2022, 9:59 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

Experimental farming at Rangia : হেমা-কৰিশ্মা-আস্থাই আনিছে কৃষকলৈ আশাৰ বতৰা

হেমা, কৰিশ্মা আৰু আস্থাই আনিছে অসমৰ কৃষকলৈ সুখবৰ । হেমা, কৰিশ্মা অথবা আস্থা অৱশ্যে কোনো মহিলা বা যুৱতী নহয় ৷ এয়া হৈছে ধানৰ উন্নত জাত ( Improved varieties of paddy) । এইকেইটা জাতকে ধৰি সমুদায় দহটা উন্নত জাতৰ খেতি পৰীক্ষণমূলকভাৱে কৰি আছে ৰঙিয়া নকুলৰ কৃষকসকলে । যদিহে এই জাত কেইটাৰ খেতি অসমৰ বাতাবৰণত সুন্দৰভাৱে হৈ কৃষক লাভান্বিত হয়, তেতিয়া হ’লে আগন্তুক সময়ত অসমৰ কৃষকে এই জাত কেইটাৰ খেতি কৰাৰ সম্ভাৱনা আছে (Experimental farming provides hope to farmers) । পুৰণি থলুৱা জাত আৰু উন্নত জাতৰ ধানৰ মাজৰ পাৰ্থক্য হ’ল যে, থলুৱা জাতৰ উৎপাদন প্ৰতি বিঘাত 10 ৰ পৰা 12 মোন হোৱাৰ বিপৰীতে উন্নত জাতসমূহৰ প্ৰতি বিঘাত ধানৰ উৎপাদন প্ৰায় ২৫ ৰ পৰা ৩০ মোন পৰ্যন্ত হয় । ইয়াৰ উপৰিও বানপানী প্ৰধান অঞ্চলৰ বাবে উপযোগী এই জাত কেইটাৰ ৰোপন সময়ো যথেষ্ট কম (Future of agricultural experiments) । বানপানী শেষ হৈ যোৱাৰ পিছত পলমকৈ এই ধানৰ কঠিয়া ৰোলেও অতি কম সময়ৰ ভিতৰতে এই ধানে ঠন ধৰি উঠে ৷ এই ধান পানীৰ তলত দহ দিনলৈ থাকিলেও কোনো ধৰণৰ ক্ষতি নহয় ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে কৃষি বিভাগে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.