Man Elephant conflict in Assam:নুমলীগড়ত বন্যহস্তীয়ে তহিলং কৰিলে খেতিপথাৰ - নুমলীগড়ত বন্যহস্তীয়ে তহিলং কৰিলে খেতিপথাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:17 PM IST

যোৰহাট, ১ অক্টোবৰ: নুমলীগড়ত বন্যহস্তীয়ে তহিলং কৰিলে খেতিপথাৰ । ফলত ৰাইজে নিশা উজাগৰে থাকিবলগীয়া হৈছে । গোলাঘাটৰ নুমলীগড়ৰ মৰঙী মৌজাৰ থুৰাজানত ৩৯ ৰাষ্ট্ৰীয় ঘাইপথ মাজেৰে শনিবাৰে নিশা পাৰ হয়  ৬০ৰ পৰা ৭০টা বন্যহস্তী থকা এটা বৃহৎ দল । ফলত আধা ঘন্টা ধৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ মাজেৰে ব্যাহত হয় যান-বাহনৰ চলাচল । মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত এতিয়া কেৱল হাতীৰ উপদ্ৰৱ । কেতিয়াবা যদি পথাৰত, কেতিয়াবা চাহ বাগিচাত আৰু কেতিয়াবা মানুহৰ বাৰীত ।

গাঁৱৰ পথৰ লগতে চাহ বাগিচাৰ মাজেৰে পাৰ হোৱা বন্য হাস্তীৰ জাকটোত আছে বহুকেইটা পোৱালি । নিশা সমগ্ৰ অঞ্চলটোত ৰাইজৰ কৃষি পথাৰ তহিলং কৰাৰ পিছত চাহ বাগিচাত প্ৰৱেশ কৰে হাতীৰ জাকটো । ফলত নিশা ৰাইজে উজাগৰে পাৰ কৰিলগীয়া হয় । বন্যহস্তীৰ বৃহৎ জাকটোৰ বাবে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী ।

‌উল্লেখ্য যে উজনি অসম বিভিন্ন প্ৰান্তত খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকে সন্ত্ৰাস অৱ্যাহত ৰখাৰ সমান্তৰালভাৱে বাসগৃহ ভাঙি তচনচ কৰিছে । ফলত নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ ৰাইজ ।

লগতে পঢ়ক:Rhino died in Nagaon: বন বিভাগৰ অৱহেলাৰ বাবে কলিয়াবৰত মৃত্যু ঘটিল আঘাতপ্ৰাপ্ত গঁড়ৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.