মৰিয়নীৰ ৰাজপথত বন্যহস্তীৰ উপদ্ৰৱ - Man Elephant conflict in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-11-2023/640-480-20143585-thumbnail-16x9-jjrh-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 29, 2023, 7:01 PM IST
যোৰহাট, ২৯ নবেম্বৰ:মৰিয়নীৰ ৰাজপথত বন্যহস্তীৰ বৃহৎ জাক দেখি আতংকিত ৰাইজ । বুধবাৰে পুৱা মৰিয়নী-যোৰহাট সংযোগী পথত দেখিবলৈ পোৱা গ'ল বন্যহস্তীৰ এই বৃহৎ জাকটো । খাদ্যৰ সন্ধানত হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা আহি বিগত এমাহে বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে এই জাকটোৱে ।
বন্যহস্তীৰ জাকটোক আজি বন বিভাগে পুনৰ অভয়াৰণ্যখনলৈ উভতাই আনিবলৈ সক্ষম হয় । ৰাজপথ অতিক্ৰম কৰাৰ সময়ত জাকটোৰ সৈতে কেইবাটাও পোৱালি থকা পৰিলক্ষিত হয় । উল্লেখ্য যে এদিন পূৰ্বে বন্যহস্তীৰ জাকটোৰ এটা ডেৰমহীয়া পোৱালি চাহ বাগিচাৰ গাঁতত পৰি মৃত্যুক আঁকোৱালি লৈছিল ।
উল্লেখ যে হোলোঙাপাৰ গিৱন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা নিতৌ নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ সৃষ্টি কৰি আহিছে বন্যহস্তীৰ জাকটোৱে । কিন্তু বন্যহস্তীৰ জাকটোক আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাছিল বন বিভগে । গিৱন অভয়াৰণ্য পৰা ওলাই অহা ৬০ৰ পৰা ৮০টা বন্য়হস্তী থকা জাকটোৱে মৰিয়নিৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি উপদ্ৰৱ অব্যাহত থকাত ৰাইজক দুৰ্ভোগ ভোগাই অহাৰ লগতে উজাগৰী নিশা কটাবলৈ বাধ্য কৰাই আহিছে ।
লগতে পঢ়ক:মৰিয়নিত বন্যহস্তীৰ তাণ্ডৱত অসহায় ৰাইজ