thumbnail

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:56 PM IST

ETV Bharat / Videos

প্ৰায় এমাহেই শান্তিৰে শুব পৰা নাই বনৰীয়া হাতীৰ উপদ্ৰৱত

চামগুৰি, 2 ডিচেম্বৰ : চামগুৰিত শুকুৰবাৰৰ নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ । উল্লেখ্য যে, দহটাকৈ বনৰীয়া হাতীয়ে বিগত এমাহ ধৰি উপদ্ৰৱ চলাই আহিছে চামগুৰিৰ গেন্ধালী কছাৰী গাঁৱত । মহিলাসকলেও পাকঘৰৰ কাম এৰি হাতী খেদাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । হাতত জোঁৰ লৈ হাতী খেদাৰ চেষ্টা চলাইছে গাঁৱৰ মহিলাসকলে ।

হাতীৰ উপদ্ৰৱৰ বাবে নিশা উজাগৰে কটাবলগীয়া হৈছে চামগুৰিৰ বহু অঞ্চলৰ ৰাইজে । তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে, ৰাইজে বন-বিভাগক খবৰ দিয়াৰ পাচতো সময়মতে আহি উপস্থিত নহয় তেওঁলোক ৷ তাকো কেতিয়াবাহে তেওঁলোকে ফোন ৰিচিভ কৰে ৷  এতিয়া প্ৰশ্নটো হ’ল আৰু কিমান দিনলৈ গেন্ধালীৰ ৰাইজে উজাগৰে নিশা কটাব লাগিব ?  বন বিভাগে ল’বনে কিবা পদক্ষেপ ?

লগতে পঢ়ক : নগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ; আধা পকা ধান কটাত ব্যস্ত কৃষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.