Elephant found unconscious in Lakhimpur: তিনিদিন ধৰি অচেতন অৱস্থাত এজনী মাইকী হাতী

By

Published : Oct 18, 2022, 6:49 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
এজনী মাইকী হাতী অৰ্থাৎ মাখুন্দীৰ কৰুণ অৱস্থা । লখিমপুৰৰ হাৰমতী বাগিচাত যোৱা তিনিদিন ধৰি অচেতন অৱস্থাত পৰি আছে মাইকী হাতীজনী (Elephant lying unconscious in Lakhimpur) ৷ হাৰমতী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে আপ্ৰাণ চেষ্টা চলাইছে হাতীজনীক সুস্থ কৰি তুলিবলৈ ৷ হাৰমতী আঞ্চলিক বনবিষয়া গুনজিৎ তালুকদাৰে জনোৱা মতে, ১৬ অক্টোবৰৰ পুৱা খবৰ পোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে মাইকী হাতীজনীৰ চিকিৎসা অব্যাহত ৰাখিছে । দুই হাতীৰ মাজত হোৱা যুঁজৰ ফলতে হাতীজনী গুৰুত্বৰভাবে আহত হোৱা বুলি ধাৰণা কৰিছে বন বিষয়া তথা চিকিৎসকে । পশু চিকিৎসক ডাঃ ৰিংকু গোহাইয়ে হাতীজনীক সুস্থ কৰি তুলিবলৈ অধিক তৎপৰতাৰে চিকিৎসা অব্যাহত ৰাখিছে । পিছে হাতীজনীৰ অৱস্থালৈ চাই সুস্থ হৈ উঠাৰ সম্ভাৱনা ক্ষীণ বুলিহে চিকিৎসকে মত প্ৰকাশ কৰিছে । ইফালে অসম বন্যপ্ৰাণী উদ্ধাৰ আৰু গৱেষণা সংস্থাৰ (Assam wildlife rescue and research organization) তৰফৰ পৰা দেৱজিত মহন্তইও হাতীজনীৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.