Power workers protest in Jonai: অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ - Power workers protest in Jonai
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18712654-thumbnail-16x9-jonai.jpg)
জোনাই, 9 জুন: জোনাইত নিজৰ প্ৰাপ্য বিছাৰি অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ ৷ Assam state outsourc power workers union ৰ আহ্বান মৰ্মে শুকুৰবাৰে দিনৰ 10 বজাত জোনাইতো জোনাই বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জোনাইত সংমণ্ডলত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে (Electricity contract workers protest in Jonai) ৷
যোৱা 10 বছৰৰো অধিক সময় এই অস্থায়ী কৰ্মচাৰী সকলে বিদ্যুৎ বিভাগত নিজৰ সকলো ত্যাগ কৰি বছৰৰ পিছত বছৰ ধৰি এজন স্থায়ী কৰ্মচাৰীৰ দৰে কাম কৰি থকাৰ পিছতো চৰকাৰ তথা বিভাগে কৰ্মচাৰী সকলক প্ৰতাৰণা কৰি অহা বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে (Electricity contract workers protest) ৷
নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ আৱেদন জনাই অহাৰ পিছতো আজি পৰ্যন্ত কিন্তু কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগে ৷ যাৰ বাবে সমগ্ৰ অসমতে বিদ্যুৎ বিভাগৰ এই অস্থায়ী কৰ্মচাৰী সকলে Assam state outsourc power workers union ৰ আহ্বানত বহুবাৰ গনতান্ত্ৰিক আন্দোলন কৰি আহিছে যদিও চৰকাৰ তথা বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি আক্ষেপ কৰে তেওঁলোকে (Power workers protest in Jonai) ৷
ফলত আজিৰ দিনটোতো অস্থায়ী কৰ্মচাৰী সকলে নিজৰ নিজৰ কৰ্মস্থলীত ক’লা বেজ পৰিধান কৰি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে অনাগত দিনত চৰকাৰ তথা বিভাগে অস্থায়ী কৰ্মচাৰী সকলৰ দাবীৰ প্ৰতি সহাঁৰি নজনালে ভয়াৱহ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়নি দিয়ে প্ৰতিবাদী কৰ্মচাৰী সকলে (Electricity contract workers in Jonai) ৷