thumbnail

By

Published : Apr 22, 2023, 6:58 PM IST

ETV Bharat / Videos

Eid Ul Fitr 2023: চিৰাঙত ঈদৰ নামাজত অংশ গ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

চিৰাং, ২২ এপ্ৰিল: পৱিত্ৰ ৰমজান মাহৰ এমাহ জোৰা ৰোজাৰ পিচত শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ-উল-ফিটৰ ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকে আজি পালন কৰিছে পৱিত্ৰ ঈদ-উল-ফিটৰ (Eid Ul Fitr celebrations ) ৷ ঈদৰ উপলক্ষে মোজাবাৰী জামে মছজিদত সমূহীয়া নামাজৰ আয়োজন কৰা হয় (Eid Ul Fitr Celebration in Assam) ।

চিৰাঙত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়েও ঈদৰ নামাজত অংশগ্ৰহণ (Eid Ul Fitr at Chirang)। মোজাবাৰী জামে মছজিদ প্ৰাংগণত ঈদ-উল-ফিটৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি তেওঁ বিশ্ববাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা বুলি কয় (BPF chief Hagrama Mohilary)। মূলতঃ সকলো জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যেই হাগ্ৰামা মহিলাৰীয়ে এই দৰে ইছলাম ধৰ্মীয় লোকৰ সৈতে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰা বুলি মহিলাৰীয়ে কয় । চিৰাং জিলাৰ মোজাবাৰীৰ জামে মছজিদৰ সমূহীয়া নামাজত হাগ্ৰামা মহিলাৰীৰ লগতে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ তথা পাৰিষদ পানীৰাম ব্ৰহ্মসহ অন্যান্য নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক:Eid al Fitr: মৰাণৰ ঈদগাহ ময়দানত চাৰি বছৰৰ মূৰত সমূহীয়া নামাজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.