Birinchi Kumar Medhi Passes Away: বিশিষ্ট কবি গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধিৰ দেহাৱসান - MLA Parmananda Rajbanshi
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17827753-thumbnail-4x3-mangoldoi-aspera.jpg)
দৰং, ২৩ ফেব্ৰুৱাৰী: ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি, গীতিকাৰ তথা শিক্ষাবিদ ড০ বিৰিঞ্চি কুমাৰ মেধি আৰু নাই (Dr Birinchi Kumar Medhi passed away)। গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বিশিষ্ট নৃতত্ত্ববিদগৰাকীয়ে বুধবাৰে শেষ নিশ্বাস ত্য়াগ কৰে । ড০ বিৰিঞ্চি কুমাৰ মেধি সাহিত্য চৰ্চাৰ উপৰি এগৰাকী খ্যাতিমান শিক্ষাবিদ ৰূপেও সমাদৃত আছিল । তেখেতে প্ৰথমতে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত নৃতত্ত্ব বিভাগৰ এগৰাকী অধ্যাপক হিচাপে সেৱা আগবঢ়ায় ( Arya Vidyapith College) । ইয়াৰ পিছত ড০ বিৰিঞ্চি কুমাৰ মেধিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগত দীৰ্ঘ দিন সেৱা আগবঢ়াই অধ্যাপকৰূপে কৰ্তব্য সম্পাদন কৰি অৱসৰ গ্ৰহণ কৰে (Department of Anthropology of Gauhati University)।
তেখেতে অসম আন্দোলনৰ সময়চোৱাত এক বিশেষ ভূমিকা পালন কৰিছিল । ড০ বিৰিঞ্চি কুমাৰ মেধি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ ৰূপেও পৰিচিত আছিল । তেওঁৰ কেইবাটাও গীত জনপ্ৰিয় আছিল । কণ্ঠশিল্পী ৰিদিপ দত্তৰ জনপ্ৰিয় গীত 'যিদিনা মোক বিচাৰি নেপাবা'ৰ স্রষ্টা ড০ বিৰিঞ্চি কুমাৰ মেধিয়ে কেইবাখনো কবিতা পুথিৰে অসমীয়া সাহিত্য জগতখনকো সমৃদ্ধিশালী কৰি থৈ গৈছে । তেখেতৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে ব্য়ক্তি বিশেষে । তেখেতৰ মৃতদেহ হাস্পতালৰ পৰা গৃহলৈ অনাৰ পিছতেই বিভিন্ন দল-সংগঠনৰ লগতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹পৰমানন্দ ৰাজবংশীৰ লগতে লগতে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (MLA Parmananda Rajbanshi) ।
উল্লেখ্য, 'যিদিনা মোক বিচাৰি নাপাবা' শীৰ্ষক জনপ্ৰিয় গীতৰ স্রষ্টা মেধিয়ে কেইবাখনো কবিতা পুথিৰ লগতে বহু মন পৰশা গীত ৰচনা কৰি গৈছে ।মঙলদৈৰ কৰিমচৌকাত জন্মগ্ৰহণ কৰা ড০ বিৰিঞ্চি কুমাৰ মেধিৰ মৃত্য়ুত শোক প্ৰকাশ কৰি বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে কয় যে তেওঁৰ মৃত্য়ুৰ লগে লগে নৃতত্ত্ব ক্ষেত্ৰখনৰ এটা নক্ষত্ৰ খহি পৰিল । তেওঁৰ মৃত্যুৱে অসমৰ সাহিত্য, সংস্কৃতি আৰু শিক্ষা জগতৰ অপূৰণীয় ক্ষতি হোৱা বুলি তেওঁ কয় ।