Drugs Peddler detained: অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত ড্ৰাগছসহ দুজনক আটক - Assam Police
🎬 Watch Now: Feature Video
Published : Oct 8, 2023, 9:27 PM IST
সৰুপথাৰ, 8 অক্টোবৰ : ৰাজ্যত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ন ন কৌশলেৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আছে মাৰাত্মক ড্ৰাগছ ৷ বিশেষকৈ ধনশিৰি মহকুমাত ছানি ধৰিছে ড্ৰাগছে ৷ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান দিগবীৰ বস্তিত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷
13 টা চাবোনৰ বাকচত লুকুৱাই আনিছিল জব্দকৃত ড্ৰাগছখিনি ৷ জব্দ হোৱা ড্ৰাগছখিনিৰ পৰিমাণ প্ৰায় 155 গ্ৰাম ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰৰ মূল্য আনুমানিক 2.50 লাখ টকা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
আনহাতে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই লোকক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন সৰবৰাহকাৰী দুটা হৈছে নুৰচাদ আলী আৰু মাৰাজুল হুচেইন ৷ উল্লেখ্য যে, গোপন তথ্যৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ তৎপৰতাত চুঙাজান আৰক্ষীৰ সহযোগত আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷
লগতে পঢ়ক:Self Relient Women : ধূপকাঠি উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন একাংশ মহিলাৰ