Pistol recovered in Nalbari: ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত উদ্ধাৰ দুটা পিষ্টল - Drugs paddler arrested in Nalbari

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 13, 2023, 10:36 AM IST

নলবাৰী, ১৩ এপ্ৰিল: নলবাৰীত এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত উদ্ধাৰ হৈছে দুটাকৈ পিষ্টল (Drugs paddler arrested in Nalbari)। মঙলবাৰে বেলশৰ থানাৰ আৰক্ষীৰ এটা দলে খাটা ৰূপীয়াবাঠান আৰু পল্লা ৰোডত চামতাৰ ধনমণি ৰাজবংশীৰ ঘৰত উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট (Arms recovered in Belsor)। এই ঘটনাৰ সৈতে জড়িত ধনমণিৰ লগতে আমণিৰ এগৰাকী মহিলাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । নিচাযুক্ত সামগ্ৰী উদ্ধাৰৰ পিচত মহিলাগৰাকীক জে’ললৈ প্ৰেৰণ কৰে ।  

উল্লেখযোগ্য যে ড্ৰাগছ সৰবৰাহত অভিযুক্ত ধনমণিৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে নলবাৰী উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্ত আৰু বেলশৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত সন্ধিয়া ধনমণিৰ ঘৰত মাটিত পুতি থোৱা অৱস্থাত দুটা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনাৰে জড়িত আন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ধৃত ধনমনি ৰাজবংশীয়ে দীৰ্ঘদিন ধৰি পশ্চিম নলবাৰীত ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই আহিছিল ।

লগতে পঢ়ক:Allegation against police: মৰিয়নীত স্মাৰ্ট আৰক্ষীৰ নগ্ন ৰূপ; সুৰাপায়ী আৰক্ষীয়ে চালকক শোধালে প্ৰচণ্ড ঘোচা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.