নগাঁও জিলাৰ চামগুৰিত মুকলি প্ৰথমটো নিচামুক্তি কেন্দ্ৰ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:07 PM IST

thumbnail

চামগুৰি, 8 জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ লগতে বিহৰূপী অন্যান্য নিচাযুক্ত সামগ্ৰীৰ বাবেই ধ্বংস হৈছে বহুতৰে জীৱন । সেই ধ্বংস হৈ পৰা জীৱনটো পুনৰ ঘূৰাই পোৱাৰ অন্যতম স্থানেই হৈছে নিচামুক্তি কেন্দ্ৰ ।

বহু বছৰ পূৰ্বে চামগুৰিৰ কেইজনমান যুৱক সাংঘাতিক ধৰণে নিচাসক্ত আছিল । সেই যুৱক কেইজন কিন্তু এতিয়া বহু ড্ৰাগছ আসক্ত যুৱকৰ বাবে হৈ পৰিছে আদৰ্শ । ড্ৰাগছআসক্ত যুৱক কেইজন নিচাৰ পৰা আঁতৰি সোঁ-শৰীৰে সম্পূৰ্ণ সুস্থ অৱস্থালৈ ঘূৰি অহাৰ পাচতেই ড্ৰাগছ অথবা অন্যান্য নিচাযুক্ত সামগ্ৰীৰ কৱলত পৰি বৰ্তমান ধ্বংস হ’বলৈ ধৰা নিচাসক্ত যুৱক-যুৱতীসকলক নতুন এটা জীৱন আগবঢ়াই দিয়াৰ মানসেৰে চামগুৰিত আৰম্ভ কৰা হৈছে নিচামুক্তি কেন্দ্ৰ ।

চামগুৰিত সোমবাৰে এই প্ৰথমটো নিচামুক্তি কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে জনপ্ৰিয় মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনে । নতুনকৈ মুকলি কৰা নিচামুক্তি কেন্দ্ৰটোত চৰকাৰৰ S.O.P অনুযায়ী সম্পূৰ্ণ সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : 9 বছৰতো সম্পূৰ্ণ নহ'ল কলিয়াবৰৰ কোটি টকীয়া উৰণ সেতু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.