Allegation against police: মৰিয়নীত স্মাৰ্ট আৰক্ষীৰ নগ্ন ৰূপ; সুৰাপায়ী আৰক্ষীয়ে চালকক শোধালে প্ৰচণ্ড ঘোচা - সুৰাপায়ী আৰক্ষীয়ে চালকক দিলে প্ৰচণ্ড ঘোচা
🎬 Watch Now: Feature Video
যোৰহাট, 12 এপ্ৰিল : মৰিয়নীত নিশা তালাচী চলোৱাৰ নামত সুৰাপায়ী আৰক্ষীয়ে বাহন চালকক প্ৰহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ।উল্লেখ্য যে, মৰিয়নী আৰক্ষীৰ তপ্ন উপাধিৰ এগৰাকী সহকাৰী উপৰিদৰ্শকৰ নেতৃত্বত অসম নাগালেণ্ড সীমান্তৰ নিউ সোণোৱালত নাকা চেকিং চলাই আছিল আৰক্ষীৰ এটা দলে । আনহাতে নাগালেণ্ডৰ পৰা মৰিয়নী অভিমুখে মাৰুটি 800 গাড়ী লৈ আহি থকা বিজয় বৰা নামৰ লোক জনক আৰক্ষীৰ দলটোৱে নিৰ্মমভাৱে প্ৰহাৰ কৰা অভিযোগ উঠিছে (drunk police beaten a driver at night at mariani) ।
বাহনখন তালাচীৰ বাবে ৰখোৱা সময়ত চালকগৰাকীক কৰ্তব্যৰত আৰক্ষীয়ে প্ৰচণ্ড ঘোচা মৰাৰ লগতে অকথ্য ভাষাৰে গালি পৰাৰ অভিযোগ উঠিছে । আৰক্ষীৰ এই কাণ্ডক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ভুক্তভোগী বিজয় বৰাই সংবাদ মাধ্যমক ঘটনাৰ বিষয়ে অৱগত কৰে । আনহাতে ঘটনাস্থলীত সাংবাদিকৰ দল উপস্থিত হৈ তপ্ন উপাধিৰ ASI জনক ঘটনাৰ বিষয়ে প্ৰশ্ন কৰে যদিও বিষয়াগৰাকীও নিচাসক্ত হৈ থকাত কোনো সুদুত্তৰ দিবলৈ সক্ষম নহ'ল ।
আৰক্ষীয়ে তালাচীৰ বাবে নিৰ্মাণ কৰা অস্থায়ী কেম্পটোত মদৰ বটল,গিলাচ দৃশ্য বন্দী হয় সাংবাদিকৰ কেমেৰাত । এতিয়া প্ৰশ্ন উত্থাপন হৈছে মৰিয়নী আৰক্ষীয়ে তালাচীৰ নামত সুৰাৰ আড্ডা পাতি নিশা গুণ্ডাগিৰি কৰে নে আইন শৃংখলা ৰক্ষাত নিয়োজিত থাকে ?
লগতে পঢ়ক : Woman suspected murder: বোৱাৰীৰ মৃত্যুক লৈ উত্তেজনা; আৰক্ষীৰ লাঠীচাৰ্জ