thumbnail

By

Published : Jul 17, 2023, 11:01 PM IST

ETV Bharat / Videos

Dr Nomal Momin in Nalbari : নলবাৰীৰ বৰআজাৰাত উপস্থিত বিধানসভাৰ উপাধ্যক্ষ

নলবাৰী,১৭ জুলাই: নলবাৰীৰ বৰআজাৰাত এই বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৫ শতাংশ আৰু ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিজয় চোছাইটি আৰু ব্ৰজ বিজয় শৰ্মা ফেন্স ক্লাৱৰ উদ্যোগত আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য আৰু সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিন ৷ চান্দকুছিস্থিত সাংস্কৃতিক প্ৰকল্প বৰআজাৰাত অনুষ্ঠিত হয় সভাখন । সভাখন পৰিচালনা কৰে ব্ৰজ বিজয় শৰ্মাই।

উক্ত অনুষ্ঠানত জিলাখনৰ শ শ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশ তথা উৎসাহৰ উদ্দেশ্যে কৰা এনে সামাজিক কামৰ বাবে বেচৰকাৰী সংস্থা আৰু বিধানসভাৰ উপাধ্যক্ষক শলাগ জনাই ৰাইজে ৷ ‘‘মই ভাবো কিছু আৰ্থিক সহায়ৰ ফলত মনোবল বাঢ়িব ছাত্ৰ-ছাত্ৰী সকলৰ ’’ এই মন্তব্য অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিনৰ ৷ 

লগতে পঢ়ক:Nalbari News: নলবাৰীৰ মুকালমুৱাত বিভিন্ন ৰেচম উৎপাদন সামগ্ৰী বিতৰণ বিধায়ক দিগন্ত বৰ্মনৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.