trapped in Brahmaputra : ভৰ লুইতৰ মাজত আৱদ্ধ চিকিৎসা কৰ্মীৰ দল !
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 18 জুন : ডিব্ৰুগড়ত ভৰ লুইতৰ মাজত আৱদ্ধ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল ৷ চিকিৎসা সেৱা কৰিবলৈ ব্ৰহ্মপুত্ৰৰ মাজত থকা চাৰখলীয়া চাপৰিলৈ গৈছিল চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দলটো ৷ পাঁচ দিনৰ পূৰ্বে 8 জনীয়া দলটো চাপৰিৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা সময়তে সংঘটিত হয় এই ঘটনাটো । নদীৰ গতিপথ হেৰুৱাৰ ফলতেই চাপৰিত আৱদ্ধ হৈ পৰে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল ।
চিকিৎসকৰ লগতে এটা পেৰা মেডিকেল দলো আছিল বুলি জানিবলৈ পৰা গৈছে । নদীৰ পানী বাঢ়ি অহাত নিশা চাপৰিত আশ্ৰয় লয় বুলি জানিবলৈ পৰা গৈছে দলটোৱে । দলটোত মহিলা আশা কৰ্মীয়ো আছে । প্ৰশাসন তথা উদ্ধাৰকাৰী দল শীঘ্ৰে চিকিৎসকৰ দলটোৰ সন্ধানত ৰাওনা হ’ব বুলি জানিবলৈ পৰা গৈছে । দলটোক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : Nimati Afolamukh Ferry service: মাজুলী আৰু নিমাতীৰ মাজত বন্ধ গুটীয়া ফেৰী সেৱা; যাত্ৰী ভিৰ