Plastic Rice in Bongaigaon: সুলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল - সুলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17962794-thumbnail-4x3-manikpur-aspera.jpg)
মাণিকপুৰ,১১ মাৰ্চ: প্লাষ্টিক চাউল প্ৰসংগই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়েই সংবাদ শিৰোনাম দখল কৰা পৰিলক্ষিত হয়(Plastic Rice Controversy) । পুনৰ চৰ্চালৈ আহিছে প্লাষ্টিক চাউল প্ৰসংগ । এইবাৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডত সুলভ মূল্যৰ দোকানৰ পৰা গ্ৰাহকে লোৱা চাউল প্লাষ্টিক সদৃশ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Distribution of plastic rice in Bongaigaon) ।
নাম্বাৰপাৰা তৃতীয় খণ্ডৰ এজন গ্ৰাহকে নাম্বাৰপাৰা-চাকলা সমবায় সমিতিৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডৰ আব্দুৰ ৰহিমৰ সুলভ মুল্যৰ দোকানৰ পৰা চাউলবোৰ লৈ ঘৰত সিজোৱাৰ পিছত চাউলবোৰ দীঘল হৈ পৰে । চাউলবোৰ খোৱাৰ বাবে অনুপযোগী বুলি উল্লেখ কৰিছে গ্ৰাহকজনে । চৰকাৰীভাৱে সুলভ মূল্যৰ দোকানসমূহত যোগান ধৰা চাউলবোৰ খোৱাৰ অনুপযোগী হোৱাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সেয়ে চৰকাৰীভাৱে সুলভ মূল্যৰ দোকানত যোগান ধৰা চাউলসমুহ যাতে স্বাস্থ সন্মত হয় তাৰবাবে আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।
লগতে পঢ়ক: New Band of Assam Police: অসমীয়া থলুৱা লোকবাদ্যৰে অসম আৰক্ষীয়ে মুকলি কৰিব নতুন বেণ্ড