Bangla MCP card in Majuli: মাজুলীত চৰকাৰী কাৰ্যালয়ত বঙালী ভাষাৰ প্ৰচলন

By

Published : Jan 21, 2023, 4:36 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

"আমি প্ৰথমতে এই বিষয়ে জ্ঞাত নাছিলোঁ ৷ কাৰ্ডখিনি বিতৰণো কৰিলোঁ ৷ কাৰ্ডখিনি বিতৰণ কৰাৰ পাছতহে দেখিলো, কাৰ্ডখিনিত অসমীয়া ভাষাৰ পৰিবৰ্তে বঙালী ভাষাহে লিখা আছিল ৷ বঙালী ভাষাৰ কাৰণে আমাৰ বুজিবলৈ যথেষ্ট অসুবিধা হৈছে ৷ অন্তঃসত্বা মহিলাসকলৰ বাবে বঙালী ভাষা বুজিবলৈ অসুবিধা বেছি হৈছে ৷" এয়া এগৰাকী কৰ্তব্যৰত নাৰ্চৰ ভাষ্য ৷

পুনৰ অসমীয়া জাতিলৈ, অসমীয়া ভাষালৈ আহিছে সংকট ৷ অসমতে অসমীয়াৰ অস্তিত্ব বিপন্ন কৰাৰ চেষ্টা একাংশ বিষয়া-কৰ্মচাৰীৰ ৷ পুনৰ অসমীয়া ভাষাৰ পৰিবৰ্তে এইখন ৰাজ্যতে প্ৰচলন চলিছে বঙালী ভাষাৰ ৷ এইবাৰ অসমীয়া ভাষাৰ পৰিবৰ্তে চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে বঙালী ভাষা (Bangla MCP card in Majuli) ৷  

এতিয়া আহিছো মূল ঘটনালৈ, মাজুলীৰ চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাৰ পৰিবৰ্তে ব্যৱহাৰ হৈছে বঙালী ভাষা (Use of Bengali instead of Assamese in Majuli) । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে মাজুলীৰ স্বাস্থ্য বিভাগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । অসমীয়া ভাষাক জলাঞ্জলি দি স্বাস্থ্য বিভাগৰ চিকিৎসালয়ত প্ৰয়োগ হৈছে বঙালী ভাষা ।

উল্লেখ্যযোগ্য যে দক্ষিণপাট ৰাজ্যিক চিকিৎসালয়ত আজিৰে পৰা প্ৰায় দুমাহ পূৰ্বে বিতৰণ কৰা হৈছিল একোখনকৈ মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ড (Mother and child protection card) ৷ কিন্তু মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ড চমুকৈ এমচিপিকাৰ্ডখনত (MCP Card) অসমীয়া ভাষাৰ পৰিবৰ্তে লিখা আছিল বঙালী ভাষাহে ৷ 

আনহাতে এই এমচিপিকাৰ্ডসমূহ হাজৰিকাচুক উপ-স্বাস্থ্য কেন্দ্ৰৰ পৰা বিতৰণ কৰা হৈছিল অন্তঃসত্বা মহিলাসকলক ৷ নাৰ্চৰ অভিযোগ- কাৰ্ডখিনি বিতৰণ কৰাৰ পূৰ্বে এই বিষয়া জ্ঞাত নাছিল ৷ বিতৰণ কৰাৰ পিছতহে দেখিলে অসমীয়া ভাষাৰ পৰিবৰ্তে কাৰ্ডখনত ব্যৱহাৰ হৈছিল বঙালী ভাষা ৷  

ইফালে বনগাঁও ৰাজ্যিক চিকিৎসালয়লৈও প্ৰেৰণ কৰা হৈছে এই কাৰ্ডসমূহ । বঙালী ভাষাত লিখা এই এমচিপিকাৰ্ডসমূহক লৈ এতিয়া সমস্যাত পৰিছে মাজুলীৰ নাৰ্ছসকল ৷ কিয়নো মাজুলীৰ নাৰ্ছসকলে বঙালী ভাষাত লিখা এই কাৰ্ডসমূহ বুজি পোৱাত যথেষ্ট অসুবিধা হৈছে । নহ’বনো কিয়, অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা নাৰ্চ তথা অন্তঃসত্বা মহিলাসকলে বঙালী ভাষা বুজি নোপোৱাটো স্বাভাৱিক কথা (Distribution of MCP cards in Bangla in Majuli) ৷

ইফালে নাৰ্চৰ অভিযোগ- বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে বাৰে বাৰে অভিযোগ কৰা স্বত্বেও কোনো গুৰুত্ব দিয়া নাই ৷ বৰঞ্চ বাৰে বাৰে বিতৰণ কৰি আহিছে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এনে বঙালী ভাষাত ব্যৱহৃত কাৰ্ডসমূহ ৷ এতিয়া প্ৰশ্ন হয় যে কাৰ ভুলৰ বাবে অসমীয়া ভাষাৰ পৰিবৰ্তে বঙালী ভাষা প্ৰয়োগ হৈছে এমচিপিকাৰ্ডসমূহত ?

নে কোনোবাই বঙালী ভাষাৰ প্ৰচলনৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে ? এই বিষয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কিবা গুৰুত্ব দিছে নে ? উল্লেখ্য যে এই বাতৰি প্ৰচাৰৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.