Dhemaji food poisoning: বনৰীয়া কাঠফুলা খাই ধেমাজিৰ পশ্চিম সুবাহীত 3 জন অসুস্থ
🎬 Watch Now: Feature Video
ধেমাজি,২২ জুন : ধেমাজিৰ চিমেন চাপৰিৰ লোকসকলৰ পিচতে বৃহস্পতিবাৰে নিশা পশ্চিম সুবাহী অঞ্চলতো একাংশ লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰে ৷ পশ্চিম সুবাহীৰ 3 জন লোকক অসুস্থ হোৱাত ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
ইয়াৰ পূৰ্বে বিষাক্ত কাঠফুলা ভক্ষণ কৰি বৃহস্পতিবাৰে চিমেন চাপৰিৰ ১৭ গৰাকী লোক খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছিল ৷ বিষক্ৰিয়াত আক্ৰান্ত লোকসকলক ধেমাজি অসামৰিক চিকিৎসালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ।
জোনাই চিমেনচাপৰি মিচামৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩ নং জয়পুৰ, সংগমা চাপৰি, ললাং গাওঁ আৰু মাজগাঁৱৰ ১২ গৰাকী ব্যক্তিয়ে বনৰীয়া কাঠফুলা ভক্ষণৰ ফলত অসুস্থ হয় ৷ পেটৰবিষ, জ্বৰ, বমি হোৱাত ধেমাজিৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অসুস্থ লোকসকলক।
আনহাতে চিলাপথাৰ খনামুখৰ ৫ গৰাকী লোক একে ধৰণে বিষাক্ত কাঠফুলা খাই অসুস্থ হোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷ চিলাপথাৰ খনামুখৰ ৫ গৰাকী লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে ।