Dergaon: পাঁচদিনীয়া কাৰ্যসূচীৰে দেৰগাঁৱৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত সৰ্বভাৰতীয় নৃত্য, লোক সংগীত মহোৎসৱ - দেৰগাঁও সাহিত্য সভা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-08-2023/640-480-19390530-thumbnail-16x9-der.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 30, 2023, 4:03 PM IST
যোৰহাট,30 আগষ্ট: দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত পাঁচদিনীয়া কাৰ্যসূচীৰে অহা 4-8 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব সৰ্বভাৰতীয় নৃত্য, নাট্য, লোক সংগীত মহোৎসৱ ৷ দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰ আৰু মাৰোৱাৰী ধৰ্মশালাত অনুষ্ঠিত হ’ব এই সৰ্বভাৰতীয় মহোৎসৱ ৷ ৰাজস্থান, পাঞ্জাব, গুজৰাট, মহাৰাষ্ট্ৰ, উৰিষ্যা, তেলেংগানা, উত্তৰাখণ্ড, মিজোৰাম, আৰু ত্ৰিপুৰাৰ লোক নৃত্য, সংগীতৰ অনুষ্ঠানেৰে জীপাল হ’ব বৃহত্তৰ দেৰগাঁও অঞ্চল ৷
উক্ত অনুষ্ঠানতে জীৱনজোৰা শিল্পী সাধনা বঁটাৰে সন্মানিত কৰা হ'ব সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামী, বৰপেটাৰ বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী সত্য কৃষ্ণ মিশ্ৰ, যশস্বী অভিনেতা প্ৰাঞ্জল শইকীয়াক ৷ অসম আদর্শ মাতৃ বঁটা প্ৰদান কৰা হ'ব মৃণালিনী দেৱী আৰু ড৹ নিৰুপমা মহন্তক ৷ বিশেষ উপাধি প্ৰদান কৰিব প্ৰবীণ শইকীয়া, ৰশ্মিৰেখা শইকীয়া, গুণাকৰ দেৱ গোস্বামী, অনুৰাগ শইকীয়া, অচ্যুত কুমাৰ পাটোৱাৰী, ধ্ৰুৱ ফুকন, বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পীদ্বয় দ্বীপজ্যোতি দাস আৰু দীপাংকৰ আৰন্ধৰা, বিশিষ্ট শিল্পী ড৹ মৌচুমী চহৰীয়াসহ 14 গৰাকীক বিভিন্ন ক্ষেত্ৰত জড়িত ব্যাক্তিক । মঙলবাৰে উদ্যোগতাই এই সন্দৰ্ভত সংবাদমেল আয়োজন কৰি সকলোকে সহায় সহযোগিতা কামনা কৰে ৷
লগতে পঢ়ক:Dhekiakhowa Bornaamghar: ভাদ মাহৰ দ্বিতীয়টো দেওবাৰত ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ