Cattle disease: জামুগুৰিহাটৰ দক্ষিণাঞ্চলত আচিন ৰোগত গোধনৰ মৃত্যু - জামুগুৰিহাটৰ দক্ষিণাঞ্চলত আচিন ৰোগত গোধনৰ মৃত্যু

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 31, 2023, 6:31 PM IST

চতিয়া,৩১মে': জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কেইবাখনো গাঁৱত গোধনৰ মাজত অচিন ৰোগে দেখা দিয়াত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Death of cow in Unknown disease)। অঞ্চলটোৰ এক নং খলিহামাৰী, দুই নং খলিহামাৰী, জয়পুৰ, বটিয়াৰোকাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ গোধনসমূহৰ দেহত চবকা চবক ফোহা আৰু টমুনা আকৃতিৰ ৰোগে দেখা দিছে । ইতিমধ্যে গাঁওসমূহত এই ৰোগত আক্ৰান্ত হৈ ৩০ৰো অধিক গোধনৰ মৃত্যু হোৱাৰ লগতে শতাধিক গোধন এই ৰোগত আক্ৰান্ত হৈ আছে ।

এই অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ গোধনসমূহৰ মাজত দেখা দিয়া অচিন ৰোগৰ চিকিসাৰ বাবে পশুপালন আৰু পশু চিকিংসা বিভাগে যেনে ধৰণে গুৰুত্ব দিব লাগিছিল সেইধৰণে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । দিনক দিনে গোধনৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত অঞ্চলটোৰ কৃষক ৰাইজে এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগক গুৰুত্ব দিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:Guwahati road accident:গুৱাহাটীৰ পথ-দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ আহিল দিল্লীৰ ফৰেনছিক দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.