শোকাৱহ: নৱবৰ্ষৰ আনন্দৰ মাজতে চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ - silapathar news
🎬 Watch Now: Feature Video
Published : Jan 1, 2024, 10:53 PM IST
জোনাই, ১ জানুৱাৰী : নতুন বছৰৰ আগমনক লৈ সৰ্বত্ৰ আনন্দমুখৰ পৰিবেশ বিৰাজ কৰি থকাৰ সময়তে চিলাপথাৰ দীপাৰ এখন হোটেলৰ এজন কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃতদেহটো হ’ল চিলাপথাৰ লক্ষীপুৰ নিবাসী প্ৰয়াত খগেন টায়েৰ পুত্ৰ দীনেশ টায়েৰ (২৩) । দীপাৰ বেৰী নামৰ হোটেলখনৰ কৰ্মচাৰী আছিল যুৱকজন । গুৱাহাটীৰ মহানগৰীৰ চেতন শৰ্মা হ’ল হোটেলখনৰ স্বত্বাধিকাৰ ৷
Berry Restaurant ত মেনেজাৰ ৰবীন বৰুৱা (২৭), কৃষ্ণ শৰ্মা(১৯), অহিলি দাস (২৮), ৰতন বৰ্মন আৰু পবিত্ৰ ওজাৰ সৈতে ছয় গৰাকী কৰ্মচাৰীয়ে যোৱা নিশা হোটেলৰ ভিতৰত স্ফূৰ্তি তামাচা কৰা দেখা গৈছে CCTV ৰ ফুটেজত । নিশা ১২ বজাত পাৰ্টি শেষ কৰি দীনেশ টায়ে হোটেলৰ কৰ্মচাৰী কৃষ্ণ শৰ্মাৰ সৈতে একেলগে শুই থকাৰ পিচত হঠাৎ আজি পুৱাৰ ভাগত হোটেলৰ সন্মুখৰ এজোপা গছত ডিঙিত চীপ লোৱা অৱস্থাত উদ্ধাৰ হ’ল যুৱকজনৰ মৃতদেহ । ঘটনা সংক্ৰান্তত মেনেজাৰৰ সৈতে পাঁচজনক আটক কৰিছে আৰক্ষীয়ে ।
অতি দৰিদ্ৰ পৰিয়ালৰ স্নাতক ডিগ্ৰীধাৰী যুৱকজনে পেটৰ তাড়নাত হোটেলখনত কাম কৰিছিল ৷ যুৱকজনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে । অতি নিৰ্জু আৰু অমায়িক স্বভাৱৰ যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ গছত ওলোমাই ৰখা বুলি অভিযোগ তুলিছে আত্মীয়ই । তদুপৰি হোটেলৰ কাষতে থকা পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে ম’বাইল ফোন । পুখুৰীৰ পাৰত বগৰা-বাগৰি কৰা আৰু ভৰিৰ খোজৰ চিনো স্পষ্টকৈ থকাৰ দাবী কৰিছে তেওঁলোকে । অতি নিৰ্মমভাৱে হত্যা কৰি গছত ওলোমাই ৰখা বুলি সন্দেহ কৰিছে সকলোৱে ৷ উচিত বিচাৰৰ জৰিয়তে দোষীক কৰায়ত্ত কৰি শাস্তি দিবলৈ ৰাইজে দাবী জনাইছে । এইয়া হত্যা নে আত্মহত্যা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক : চিচিবৰগাঁও উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট