thumbnail

By

Published : May 7, 2023, 10:17 AM IST

ETV Bharat / Videos

Rongali tingkhang 2023 : তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিল ৰঙালী Tingkhang

ডিব্ৰুগড়, 7 মে’ :  তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ টিংখাঙত আয়োজন কৰা ৰঙালী Tingkhang 2023 ৰ সামৰণি পৰে শনিবাৰে ৷ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাউনা মেইনে ৷ কেৱল বিহুৱেই নহয় উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-মাত, লোকনৃত্যৰে মুখৰিত হৈ পৰে তিনিদিনীয়াকৈ আয়োজিত টিংখাঙৰ ৰঙালী উৎসৱথলী । 

লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ আটাইকেইটা দিনতে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খাদ্য, বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰদৰ্শনী, উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত বিভিন্ন খেল-ধেমালি, নৃত্য-গীত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিটো কাৰ্যসূচীতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই অংশগ্ৰহণ কৰে । সাহিত্য, চিত্ৰকলা, উদ্যোগ-বাণিজ্য আদি সম্বন্ধীয় কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হয় ৰঙালী Tingkhang 2023 ত (Rongali Tingkhang 2023 in Dibrugarh) । 

এই অনুষ্ঠানবোৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইগৰাকী সাহিত্যিক, অভিনেতা, চিত্ৰশিল্পী, উদ্যোগী উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । অন্তিম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাউনা মেইন, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী যোগেন মহন, মন্ত্ৰী বিমল বৰা, অৰুণাচলৰ কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে বহুকেইগৰাকী বিধায়ক আৰু ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে (Arunachal Pradesh Deputy Chief Minister) ৷

লগতে পঢ়ক : Manipur Violence Update : কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পোষকতা লৌহ মানৱী ইৰম শৰ্মিলাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.