Lakhimpur firing case: অৰুণাচলী দুৰ্বৃত্তক শাস্তিৰ দাবীৰে মঙলদৈত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
মঙলদৈ, 8 জুন: লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত দুগৰাকী অসমীয়া লোকক অৰুণাচলী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে (Assam Arunachal border tense) ৷ মঙলদৈত এই ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ (Lakhimpur border firing case) ৷
উল্লেখ্য যে 5 জুন তাৰিখে গছপুলি ৰোপন কৰিবলৈ গৈ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তৰ জয়ৰামপুৰৰ পানবাৰীত অৰুণাচলীৰ গুলীত নিহত হৈছিল বগা চেতিয়া আৰু মণ্টু গগৈ নামৰ দুই অসমীয়া লোক ৷
এই ঘটনাৰে জড়িত দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ এনে ঘটনাৰ পুনৰাবৃত্তি হ’লে অৰুণাচলীক অসমত প্ৰৱেশত বাধা দিয়া হ’ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে (AJYCP protest in Darrang) ৷
লগতে পঢ়ক: Guwahati accident news today: ৰাস্তাৰ কাষত গাঁত, এখন দ্ৰুতবেগী স্কুল বাছ আৰু এগৰাকী ছাত্ৰীৰ জীৱন !