Asurjya Borpatra concert: আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠানত অৰ্ধউলংগ নৃত্য - আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠানত অৰ্ধউলংগ নৃত্য

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 16, 2023, 8:40 PM IST

বৰপেটাৰোড,১৬ মে': ৪৭ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ অন্তিম দিনা নিশা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান (Rangali Bihu Celebrate in Barpetaroad) । সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই । বিহু মঞ্চত এটাৰ পিছত আন এটা জনপ্ৰিয় গীত পৰিৱেশন কৰি গ'ল শিল্পীগৰাকীয়ে (Dance at concert of Asurjya Borpatra) ।  

পিছে তাৰমাজতে দেখা গ'ল এক দৃষ্টিকটু দৃশ্য । শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰি থকাৰ সময়তে একাংশ উদণ্ড যুৱকে চোলা খুলি বৰষুণত তিতি অৰ্ধ উলংগ হৈ নৃত্য কৰিবলৈ আৰম্ভ কৰে (Asurjya Borpatra concert) । মাটিত চুঁচৰি বাগৰি, জঁপিয়াই খেপিয়াই, পেণ্ডেলত বগাই নাচিলে উদণ্ড যুৱকৰ দলটোৱে । উল্লেখ্য যে, ১৩ মে'ৰ পৰা অনুষ্ঠিত হৈছিল বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনখনি । 

লগতে পঢ়ক: SI Junmoni Rabha passes away: জোনমণি ৰাভাৰ মৃত্যুত শোকাৰ্ত গড়মূৰ আৰক্ষী থানা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.