Maize crop damage in Barpeta Road: মাকৈ খেতি কৰি সৰ্বশ্ৰান্ত দুই ভাতৃ - Maize crop damaged in Barpetaroad

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 9:32 AM IST

বৰপেটাৰোড, ১২ নবেম্বৰ: কৃষকৰ সমস্যা সমাধানৰ বাবে ৰাজ্যৰ কৃষি বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ মাজতে বৰপেটাৰোডত ৮০ বিঘা মাটিত মাকৈ খেতি কৰি সৰ্বশ্ৰান্ত হ'ল দুই কৃষক । বৰপেটাৰোডৰ শালমাৰা ভালুকী জয়পুৰৰ আব্দুৰ ৰহমানৰ পুত্ৰ দুই শিক্ষিত নিবনুৱা যুৱক মেহবুব আলম আৰু নুৰ আলম নামৰ দুই ভাতৃয়ে প্ৰায় পাঁচ লক্ষাধিক টকা ঋণ লৈ আশী বিঘাকৈ মাটিত কৰিছিল মাকৈ খেতি ৷ কিন্তু পানীৰ অভাৱত মাকৈ খেতি পথাৰ সমূহত এতিয়া চিৰাল ফাঁট ৷  

বৰষুণ নোহোৱাৰ ফলত মাকৈ খেতিৰ মাটিত চিৰাল ফাঁট মেলাত দুই ভাতৃৰ কষ্ট অথলে গৈছে ৷ এই দুই শিক্ষিত ভাতৃ মেহবুব আলম আৰু নুৰ আলমে চাকৰিৰ পিছে পিছে ঘূৰি সময় নষ্ট নকৰি কৃষি-কৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন পুহি উন্নত জাতৰ মাকৈৰ বীজ ক্ৰয় কৰি শালমাৰা ভালুকী জয়পুৰ লোকৰ প্ৰায় ৮০ বিঘা মাটি লীজত লৈ মাকৈ খেতি কৰিছিল ৷ কিন্তু লহপহকৈ বাঢ়ি অহা উক্ত মাকৈ খেতিত পানী যোগান ধৰিব নোৱাৰাত মাকৈ খেতিৰ মাটি ছিৰালফাট মেলিছে ৷ পানীৰ অভাৱত মাকৈ খেতিত Fall Army Worm নামৰ পোক লাগি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে ৷ উপায়ন্তৰ হৈ কৃষি বিভাগক পানী যোগানৰ ব্যৱস্থা কৰি উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে দুই ভাতৃয়ে ।

লগতে পঢ়ক: Minister Bimal Borah : ২৫ কিলোমিটাৰ পদযাত্ৰা কৰি কেইবাখনো আঁচনি উদ্বোধন মন্ত্ৰী বিমল বড়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.