thumbnail

By

Published : Nov 8, 2022, 9:50 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

DAC election 2022: মাজুলীতো শান্তিপূৰ্ণভাৱে চলিছে ভোটগ্ৰহণ

আজি দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Deori Autonomous Council polls 2022)। ৰাজ্যৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে নিৰ্বাচনৰ ভোটগ্ৰহণক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । মাজুলীতো নিৰ্বাচনক লৈ দেউৰী লোকসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । বাকী সমষ্টিৰ দৰে জিলাখনৰ ৯নং মাজুলী দেউৰী স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিটোত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া (DAC election voting)। মাজুলীৰ মুঠ ৬ টা কেন্দ্ৰত চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । আনহাতে ভোটাৰৰ সংখ্যা হৈছে ২,৬৩১ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ১,৩৩৩ গৰাকী আৰু মহিলা ভোটাৰ ১,২৯৮ গৰাকী (DAC election voter in Majuli)। সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ইনুপ্ৰভা দেউৰী আৰু জেপিপি দলৰ প্ৰাৰ্থী ৰূপকুমাৰ দেউৰীৰ মাজতে তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ আশা কৰা হৈছে । ইফালে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী সুমন দেউৰীয়েও নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.