thumbnail

বিবাহৰ বাবে পৰিয়ালৰ লোক মান্তি নোহোৱাত আত্মহননৰ চেষ্টা প্ৰেমিক-প্ৰেমিকাৰ

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 9:02 AM IST

মাণিকপুৰ, 28 ডিচেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুংঝাৰ গাঁৱত আজৱ ঘটনা ৷ প্ৰেমে কাল মাতিলে দুটা পৰিয়াললৈ ৷ ঘৰৰ পৰিয়ালে বিয়াৰ বাবে মান্তি নোহোৱাৰ বাবেই বিহপান কৰি আত্মহননৰ চেষ্টা এহাল প্ৰেমিক-প্ৰেমিকাৰ ৷ 

জানিব পৰা অনুসৰি, লুংঝাৰ গাঁৱৰ এগৰাকী যুৱক আৰু ২ নং ধুপুৰীৰ এগৰাকী কিশোৰীৰ মাজত বহু দিনৰ পৰা প্ৰেমৰ সম্পৰ্ক চলি আছিল ৷ দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল নিজ অভিভাৱকৰ ওচৰত। কিন্তু কিশোৰীগৰাকীৰ বয়স 16 বছৰ হোৱাত যুৱকজনৰ অভিভাৱকে মানি লোৱা নাছিল ৷ এই কথা গম পাই কিশোৰীগৰাকীয়ে যুৱকজনৰ ঘৰত জোৰ জবৰদস্তি সোমাই যায় ৷ 

তাৰ পিচতে নিশা দুয়োপক্ষৰ মাজত ৰাইজমেল অনুষ্ঠিত হয় যদিও কোনো মীমাংসা নহয় ৷  সেইবাবে যুৱকজনৰ অভিভাৱকে দুয়োকে মাণিকপুৰ আৰক্ষী থানাত চমজাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফলত দুয়ো কথা বিষম দেখি দুয়ো বিহপান কৰি আত্মহননৰ চেষ্টা কৰে । 

লগে লগে দুয়োকে মৃত্যুঞ্জয় সেৱাৰে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এই সংক্ৰান্তত ছোৱালীপক্ষই মাণিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক: মৰিগাঁও জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.