Congress protest: প্ৰতিবাদৰ মাজতে আৰক্ষীৰে হতাহতি কংগ্ৰেছ কৰ্মীৰ - বিদ্যুৎ মাচুল বৃদ্ধি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-10-2023/640-480-19674696-thumbnail-16x9-morigaon.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 3, 2023, 10:58 PM IST
মৰিগাঁও, 3 অক্টোবৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহবান ক্ৰমে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লেখীয়াকৈ মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগতো অনিমীয়া বিদ্যুত যোগান আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ মৰিগাঁও জিলা কংগ্ৰেছ ভৱনৰ পৰা হাতে হাতে বেনাৰ, ফেষ্টুন, প্লে’কাৰ্ড লৈ সমদল কৰি মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে কেইবাদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ ।
মণ্ডল কংগ্ৰেছৰ লগতে প্ৰদেশ কংগ্ৰেছৰো সাধাৰণ সম্পাদক তথা মৰিগাঁও জিলাৰ তত্বাৱধায়ক খলিলুৰ ৰহমানে কয় যে ভাৰতবৰ্ষত বিজেপি চৰকাৰখনে ৰাইজক যিটো টেটু চেঁপা দিছে, সেই টেটু চেঁপাত ৰাইজ আজি দিশহাৰা । নিৰ্বাচনী ইস্তাহাৰত বিজেপি দলে ২৪ ঘন্টাই ৰাইজক বিজুলী যোগান ধৰা প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়া অসাৰ হ’ল । প্ৰতিবাদৰ মাজতে কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতিৰো সৃষ্টি হয় ৷
লগতে পঢ়ক: Electricity tariff hike: ৰাইজৰ ওপৰত অন্যায় অত্য়াচাৰ সকলো চলাইছে বিজেপি চৰকাৰে; আপৰ অভিযোগ