Bhupen Bora at Duliajan: বিজেপিৰ লগত মিত্ৰতা কৰা সকলো দলৰ এদিন অস্তিত্ব নোহোৱা হ'ব: ভূপেন বৰাৰ ভৱিষ্যদ্বাণী - Bhupen Bora slams BJP

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 12:29 PM IST

ডিব্ৰুগড়, ৩ ছেপ্টেম্বৰ: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক বিৰোধী ৰাজনৈতিক দলে আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা । বিৰোধী কংগ্ৰেছে উজনি অসমত আৰম্ভ কৰিছে বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী । দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত অসম কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে 'বাগিচাই বাগিচাই কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী ।  

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই টেঙাখাত গান্ধী ভৱনত পুৰণি জ্যেষ্ঠ কৰ্মীসকলৰ লগত মত বিনিময় কৰি দলৰ ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণ কৰে । এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ লগতে দুলীয়াজান বিধানসভা সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক কাম-কাজ কৰা দিশতো পৰিকল্পনা কৰে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে ।  

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰি চাহ বাগিচাৰ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নত হৈছে নাই, বিজেপি চৰকাৰৰ কাম কাজক লৈ তেওঁলোক সুখী হয় নে নহয় সেই কথা জানিবলৈ চেষ্টা কৰা হৈছে । লগতে সভাপতিগৰাকীয়ে কয় এই বিজেপিয়ে আঞ্চলিক দলসমূহৰ অস্তিত্ব নোহোৱা কৰি গৈ আছে ।  

ইতিমধ্যে কেইবাটাও আঞ্চলিক দল শেষ হৈ গ'ল । কংগ্ৰেছ চৰকাৰৰ দিনত আঞ্চলিক দলৰ পৰা দুজন তিনিজন মন্ত্ৰী আছিল । বিজেপিৰ লগত মিত্ৰতা কৰা সকলো দলৰ এদিন অস্তিত্ব নোহোৱা হ'ব । কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা INDIA ক লৈ ভয় খাইছে বিজেপিয়ে । নতুন নীতি উলিয়াই পাছ দুৱাৰেদি চৰকাৰ গঠনৰ বাবে চিন্তা কৰিছে যদিও বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিবলৈ নোৱাৰিব ।  

লগতে পঢ়ক: Abhiruchi Sports Day 2023: মৰাণত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.